Click

Tuesday, October 31, 2017

।।শীত।।-(অণুগল্প)


             -সমুজ্জ্বল
---------------
   ঢলং পলংকৈ খোজ কাঢ়ি বৰুৱা আৰু হাজৰিকা বাৰখনৰ পৰা ওলাল।অলপ দূৰ আহি তিনিআলিটোৰ ডাঙৰ কৃষ্ণচূড়া গছজোপাৰ আঁৰত হাজৰিকাই প্ৰস্ৰাৱ কৰিবলৈ থিয় হ'ল।বৰুৱাই মাত লগালে-"বুজিছেনে হাজৰিকা,ঠাণ্ডা পৰিল।সঁচাকৈয়ে ঠাণ্ডাৰ দিনকেইটাৰ আমেজেই বেলেগ।না মহ-ডাঁহৰ চিন্তা,না গেলা গৰমৰ চিন্তা।গৰম কাপোৰৰ উম লৈ এই দিনকেইটা কটোৱাৰ মজায়েই সুকীয়া।"

    ওচৰৰ বন্ধ দোকানখনৰ বাৰাণ্ডাত শুবলৈ যোঁ জা চলোৱা অঘৰী ভিক্ষাৰীজনে মুখৰ ভিতৰতে বিৰবিৰালে-"ঠাণ্ডা সঁচাকৈয়ে পৰিল।ঠাণ্ডাৰ দিনকেইটা পাৰ কৰিবলৈ গৰম কাপোৰ এখন ক'ত পাওঁ এতিয়া?যোৱাবছৰৰ দৰে এইবছৰো ঠাণ্ডাত কঁপি কঁপিয়েই এইকেইটা দিন পাৰ কৰিব লাগিব যেন পাওঁ!"

জোনাকৰ পদুলীত জীৱন শেৱালি


      ধনটি শইকীয়া


আবেলিটো শুলে সন্ধ্যাৰ আচলত বহি ভাগৰ মাৰিলে…

আইতাৰ সাধু কথা শুনি মৰমৰ মাইনাই জোনটি বিচাৰে…

জোনৰ পিঠিত উঠি
সেউজীয়াবোৰৰ সুবাস বিচাৰে…

ফেকুঁৰি কান্দে আইতাই নিচুকনি গীত জুৰে

আমাৰে মাইনাই আমনি কৰে…
কলহে কলহে বৰষুণ পৰে…
মলয়াৰ বা-লাগি মাইনাৰ টোপনি ধৰে…

ইকাটি সিকাতি কৰি
চকু মেলি মেলি পিৰিক পাৰাক কৈ চাই…

জোনাকৰ পদুলীত শেৱালী আমোল মোলায়।

আইতাই আজিও কয়…
সপোন শেৱালি ফুল
ফুলি ফুলি ৰয়…
জীৱন পদুলীত শেৱালীৰ সুবাসত চাৰিওকাষে সুগন্ধৰ নিজৰা বয়।।

Monday, September 4, 2017

।।জীৱন।।


       -সমুজ্জ্বল
-----------
আন্ধাৰ নাশি হৃদয়ৰ বাটেৰে
নামি আহে পোহৰ।
মৰম সাৱটি সেই বাটেৰেই
আগুৱাই যায় জীৱন।

তুমি আতৰি যোৱাৰ পৰাই


নিসংগতা মোৰ বৰ প্ৰিয় হৈ
পৰিছে জানা,।

নিসংগতাই মোৰ
 হৃদয়ত ঘৰ সাজিছে,
নিসংগতাই মোৰ সংগিহীন
 পথৰ বিষাদময় জীৱনৰ

 সহযাত্ৰী হৈ পৰিছে,মইয়ো
 নিসংগতাৰ গভীৰ প্ৰেমত,
পৰিছো,মাজ নিশা একান্তৰত
 নিসংগতাৰ সতে বহু কথাই
পাতো জানা,

জীৱনৰ পোৱা নোপোৱাৰ
হিচাপ কৰো,নিসংগতাৰ
বুকুত মূৰ থৈ উচুপি উঠু
হিমাহীন বিষাদত,আৰু,

জিৰণী লও নিসংগতাৰ
কোলাত,অনুগ্ৰহ কৰি
তুমি আমনি নকৰিবা মোক,
ভাগৰি পৰিছো মই ।
,,,  ৰাহুল দাস                      
[11:32 PM, 7/2/2017] ধ্ৰুৱ (ডিমৌ): তুমি নাহিবা মেঘৰঞ্জনী
এই কবিৰ বুকুলৈ...
প্রেম হবলৈ কবিৰ বেছিপৰ
নালাগে
হেৰুৱাবলৈ বুকুত সিমান
সাহসো নাথাকে।
কবি মানুহ ভয় লাগে জানা
আৰু এটি কবিতা
হেৰুৱাবলৈ।
কবি যে কবিয়েই যি কবিতা
নহয়
তুমি এটি কবিতা যি লিখা
নহয়।
তুমি নাহিবা মেঘৰঞ্জনী
এই কবিৰ বুকুলৈ...
ৰঘুমলা হৈ সাৱটিয়ো নলবা
শুকুৱাই মাৰি নিবলৈ।
,,,, ✍ৰাহুল দাস                      
[11:33 PM, 7/2/2017] ধ্ৰুৱ (ডিমৌ): তুমি নাহিবা মেঘৰঞ্জনী
এই কবিৰ বুকুলৈ...
প্রেম হবলৈ কবিৰ বেছিপৰ
নালাগে
হেৰুৱাবলৈ বুকুত সিমান
সাহসো নাথাকে।
কবি মানুহ ভয় লাগে জানা
আৰু এটি কবিতা
হেৰুৱাবলৈ।
কবি যে কবিয়েই যি কবিতা
নহয়
তুমি এটি কবিতা যি লিখা
নহয়।
তুমি নাহিবা মেঘৰঞ্জনী
এই কবিৰ বুকুলৈ...
ৰঘুমলা হৈ সাৱটিয়ো নলবা
শুকুৱাই মাৰি নিবলৈ।
,,,, ✍ৰাহুল দাস

ভালপাও৺ বুলি ক'লেই প্ৰেমৰ ঠিকনা পোৱা হ'লে

ভালপাও৺ বুলি ক'লেই প্ৰেমৰ ঠিকনা
পোৱা হ'লে
এপাহ গোলাপৰ মূল্য কিহৰ ?
যাৰ বাবে দীৰ্ঘ ৰাতিবোৰ হৈ পৰে
ক্ষন্তেকীয়া
এজাক বৰষুণৰ বাবেই ফুলি উঠে
ৰজনীগন্ধা
প্ৰেমৰ কবিতা , প্ৰেমৰ স্তৱক
আৰু কিছু ট্ৰেজেডী এণ্ড জীৱন ডট কম ।
আপুনিৰ পৰা তুমি , তুমিৰ পাছত তই
তইৰ পাছত ...... বাঃ কি মজা
কি যে এজাক প্ৰেমৰ উৰণীয়া হা৺হ
যাৰ পাখিত লাগি থাকে বনৰীয়া সুগন্ধি
সি৺হতৰ হাবিয়লি মাততেই সাৰ পোৱা
জননী
এটি এটি কবিতাৰ ছন্দৰ লহৰত
ক৺পা দুটি ও৺ঠ আৰু কিছু ডট ডট ডট ।
ভবা দৰেই যদি কথা বোৰ হ'লহেতেন
সপোনবোৰ দিঠক , দিঠকবোৰ লাগিব
সপোন
বাঃ কি মজা হ'লহেতেন
তই হা৺হিলেই
সোণমনি দাৰ দোকানত ৰূপালী মাছৰ
উজান উঠে
তোৰ বাবেইটো এৰি দিব খোজো
ভালপোৱা পালতৰা নাও৺
লাগিবওতো পাৰে তোৰ হৃদয় বন্দৰত
সংগোপনে ।
চকুলোৰে জীৱনক সজাব খোজা এটি
ব'ৰাগী দুপৰীয়াক
আশ্ৰয় দিয়া প্ৰয়োজন কিহৰ ?
দলিয়াই দে ..... দলিয়াই দে অ' তই
বুকুত ঘৰ বন্ধা তৰাং নদীৰ বিষাদ -
বিষণ্ণতা
তোৰ বাবে গোটেই নবোদয়খনে বজাব
পাৰে
সুৰীয়া প্ৰেমৰ তানপুৰা ।
সদায় ৰবিবাৰৰ প্ৰেমিক আবেলিবোৰ
মাখি মাৰি মাৰি কিমান পাৰ কৰিম
ফাগুন আহিছে
তাৰ তালতেই তাল ৰাখি সৰাপাত সৰিছে
এই সৰাপাতৰ বুকুৱেদিয়েই বোলে বসন্ত
আহে
ক'ত সেয়া বসন্ত ?
যাৰ খোজতেই খোজ ৰাখি
কত বসন্ত বাগৰিল
কিন্তু , এই ব'ৰাগী দুপৰীয়া কিয় ?
কিয় এই জাৰুৱালী পছোৱাই সাৰি নিয়া
নাই
বুকুৰ অতলৰ দুখবোৰ ।
বাদ দে চাল্লা
চিগাৰেটৰ ধোৱাবোৰে খন্তেকৰ বাবে
সাজে ঘৰ
আকউ ভাঙে
আকউ সাজে , আকউ ভাঙে
কিমাননো আৰু ক'ম
হাতৰ প্লেটত থকা চাহ কাপো ঠাণ্ডা হৈ
পৰে ।
ভাবনাৰ সাগৰত সাতুৰি থাকো মইi
কিমাননো আৰু ভাবিম
ভাবি ভাবি মই নিজকে পাহৰো
আকউ আৰম্ভ কৰো
ক'তনো হেৰাই জানো ?
,,,,, ✍ৰাহুল দাস

ভালপোৱাৰ নেট্ ৱৰ্ক


আপুনি ডায়েল কৰা নম্বৰটো
সংযোগ সীমাৰ বাহিৰত
আছে।
অনুগ্ৰহ কৰি...
সীমাৰ সিটো পাৰে
ভালপোৱা ,
ইটো পাৰে চট্ফটনি ।
ফিটাহি মাৰি ঘূৰি ফুৰে
নেট্ ৱৰ্ক ।
ভালপোৱাৰো থাকেনে
সংযোগ পথ উপপথ
অথবা ফ্লেট্ নাম্বাৰ ??
আপুনি ডায়েল কৰা নম্বৰটো
অস্থায়ী ভাৱে সেৱাত নায়

ধন্যবাদ ।
সেৱাত নাথাকে
নৰকত পচি থাকে ভালপোৱা
নিৰ্বাকে উত্তৰ দিব কি ?
মুৰ দূপিয়াব
মানে এইবাটে ভালপোৱা
নাহে পুনৰ
যাত্ৰা পথ সলনি
ডেলিভাৰি চাক্ চেছ অফ
মেছেজ ।
তথাপি ইনবক্স খালী
যেন প্ৰাপ্তিস্বীকাৰ ন'হল

আচলতে ভালপোৱাৰ
সংযোগী পথৰ কোনোবা
খিনিত লিখা আছে
-পথ বন্ধ -
আগত ভগা দলং
অথবা বনুৱাই কাম কৰিআছে

লাহে লাহে যাব

,,,,, ✍ৰাহুল দাস

Wednesday, June 7, 2017

তোমাৰ দুচকুৰ নীলাখিনিতে,,,

                        তোমাৰ দুচকুৰ নীলাখিনিতে,,,
বিচাৰি পাওঁ জীৱনৰ ছন্দ
তুমি হাঁহিলেই সৰকী যায় বুকুৱেদি,,
এখনি মৰমৰ তেজশ্রোতা নৈ,।

ভালপোৱাৰ মোৰ অকাশখনিত
তুমি হৈ পৰিছা এটি কাঁচি জোন,
পূৰ্ণিমাৰ জুন তোমাক হবলৈ দিব নোৱাৰো মই,,,
কাৰণ পূৰ্ণিমা হলেই ক্ৰমে ক্ৰমে সি মৰি আহে,,
তুমি মোৰ ভালপোৱাৰ বিশাল আকাশত হৈ ৰবা,,, কাঁচি জোন
একলা একলা কৈ বাঢ়ি বাঢ়ি
বিলাই যাবা মৰম সুৰভি।

ক্লান্ত হৈ পৰা দেহ , প্ৰাণ পাই উঠিব
তোমাৰ পৰশত।
চাৰিওদিশে বিয়পি পৰিব
মৰমৰ সুবাস,।

✍চম্পক গগৈ
ছোৱালী:- ঐ তোমাক যে মই বেয়া পাইছোঁ.....

ল'ৰা:- কিয় বাৰু....???

ছোৱালী:- এনেই মৰম দেখুৱাই থাকা তুমি মোক।আচলতে তোমাৰ মৰম বোৰ মিছা।
সঁচা হোৱা হেঁতেন তুমি মোৰ পৰা ইমান দূৰত কেনেকৈ থাকা...??

ল'ৰা:- হিঃ হিঃ হিঃ .......সেইটো হে কথা নিকি............???

ছোৱালী:- অ' তো......মিছা নিকি....হুহ.....নামাতিবা মোক।
এনেই মৰম দেখুৱাই থাকে।ইমান দূৰত থাকিব পাৰে।কেতিয়াবা যে খবৰ এটাও নাইকিয়া হৈ যায় দিনটো কি কৰিছে ক'ত আছে.........পাত্তা কে নাপাওঁ........কেনেকৈ নো থাকা.........???

ল'ৰা:- মই  দূৰত থাকোতে তুমি তেতিয়া যেনেকৈ থাকা মইও তেনেকৈ য়ে থাকোঁ আকৌ...... হিঃ হিঃ....

ছোৱালী:- হুহ.... বেছি কৰা তুমি... নামাতিবা....মোক...

ল'ৰা:- এনেকৈ নক'বা চোন তোমাক নামাটি কাক মাতিম নো.....!!
চোৱাচোন মোৰ ফালে......মই তো তোমাৰ পৰা কেতিয়া আঁতৰি আছোঁ......
যেতিয়া বেছিকৈ তোমালৈ মনত পৰে তেতিয়া মই......উশাহ তো দীঘল কৈ লৈ চকু দুটা মুদি শুই পৰো.......তেতিয়া তোমাক মই কাষত পাওঁ.....তুমি মোৰ মূৰত তোমাৰ কুমলীয়া হাতেৰে মৰম কৰি থাকা...... এনেকৈ পাৰ হৈ যায় সময় বোৰ....

ছোৱালী:- (একে থৰে চাই থাকিল)

ল'ৰা:-  তুমি মোৰ পৰা আৰু মই তোমাৰ পৰা কেতিয়াও আঁতৰি থকা সম্ভৱ নহয় জানাই চোন।মই সদায় এটাই কথা ভাবোঁ.…......সেইয়াই হ'ল "আমাৰ" কথা.........
 তুমিও মোৰ দৰেই কৰিবা চোন........তেতিয়া মই আঁতৰি থকা যেন অনুভৱ নহয় কেতিয়াও.....

ছোৱালী:- (একো ক'ব নোৱাৰা হ'ল...তাক জোৰকৈ সাৱটি ধৰিলে)

ল'ৰা:- চাওঁ চোন এইফালে। চুমা এটা দিওঁ............মোৰ পাগলী জনী এনেই.... যি ...টি ...বোৰ ভাবি মন বেয়া কৰে...............উম্মম্মআহ😘😘


✍স্বপ্ননীল শইকীয়া
কোনোবাই আমাক  কিবা যদি খং কৰে অথবা কিবা যদি কৈ থাকে।আমাৰ শুনিবলৈ ধৈৰ্য্য নহয় অথবা খং হে উঠে।এনেকুৱা লাগে যেন বলকি আছে পাগলৰ দৰে,আমাক অকণো ভালেই নাপাই,দেখিব নোৱাৰে এনেকুৱা বহুত ভুল ধাৰণাই মনত ঠাই পাই।এনেকৈ যে আমাৰ বহুতো আপোন মানুহৰ মনত আঘাত দিয়া হয়।কাৰণ আমিও বেয়াকৈয়ে কৈ দিওঁ বহুতকে এনেকৈ।
কিন্তু ভুল কাৰ ...???
কোৱা জনৰ নে ভুল বুজা জনৰ....??
কিন্তু সেইবোৰ ভাবিবলৈ আমাৰ  মগজৰ সেইসময়ত সম্ভৱেই নহয় ।
কাৰণ আমি নিজৰ কথা বোৰ হে শুদ্ধ বুলি ভাবোঁ।

যদি আমি সেইবোৰ নকৰি..........আমি চেষ্টা কৰোঁ এনেকৈ যে.....কিয় কৈছে তেওঁ মোক এনেকৈ...?? কিবা ভুল হৈছে নেকি সঁচাকৈ কিবা তেওঁ বেয়া দেখিছে চাগে....!!
শুদ্ধ কৰি লোৱাটো ভাল যদি কিবা ভুল দেখিছে.।।
কাৰণ কোনোবাই আপোনাক
 " কি কৈছে "সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে
 "কিয় কৈছে".....???
আপুনি এই কিয় টোৰ কাৰণ যদি বুজিবলৈ সম্ভৱ হৈ উঠে তেতিয়া আপোনাৰ কাৰোবাৰ সৈতে ভুল বুজা বুজি কেতিয়াও নহয়।

✍স্বপ্ননীল শইকীয়া
কোনোবাই আমাক  কিবা যদি খং কৰে অথবা কিবা যদি কৈ থাকে।আমাৰ শুনিবলৈ ধৈৰ্য্য নহয় অথবা খং হে উঠে।এনেকুৱা লাগে যেন বলকি আছে পাগলৰ দৰে,আমাক অকণো ভালেই নাপাই,দেখিব নোৱাৰে এনেকুৱা বহুত ভুল ধাৰণাই মনত ঠাই পাই।এনেকৈ যে আমাৰ বহুতো আপোন মানুহৰ মনত আঘাত দিয়া হয়।কাৰণ আমিও বেয়াকৈয়ে কৈ দিওঁ বহুতকে এনেকৈ।
কিন্তু ভুল কাৰ ...???
কোৱা জনৰ নে ভুল বুজা জনৰ....??
কিন্তু সেইবোৰ ভাবিবলৈ আমাৰ  মগজৰ সেইসময়ত সম্ভৱেই নহয় ।
কাৰণ আমি নিজৰ কথা বোৰ হে শুদ্ধ বুলি ভাবোঁ।

যদি আমি সেইবোৰ নকৰি..........আমি চেষ্টা কৰোঁ এনেকৈ যে.....কিয় কৈছে তেওঁ মোক এনেকৈ...?? কিবা ভুল হৈছে নেকি সঁচাকৈ কিবা তেওঁ বেয়া দেখিছে চাগে....!!
শুদ্ধ কৰি লোৱাটো ভাল যদি কিবা ভুল দেখিছে.।।
কাৰণ কোনোবাই আপোনাক
 " কি কৈছে "সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে
 "কিয় কৈছে".....???
আপুনি এই কিয় টোৰ কাৰণ যদি বুজিবলৈ সম্ভৱ হৈ উঠে তেতিয়া আপোনাৰ কাৰোবাৰ সৈতে ভুল বুজা বুজি কেতিয়াও নহয়।

✍স্বপ্ননীল শইকীয়া
সঘনাই আমনি কৰি থকা দুটামান সৰু আৰু ঠেক মনৰ কথা

চম্পক গগৈ

        আমি প্রত্যেক জন ব্যক্তিয়ে এই পৃথিৱীত নিৰ্দিষ্ট কামৰ বাবে জন্ম গ্ৰহণ কৰিছোঁ। ভগৱানে প্রত্যেক জনকে যিকোনো এটা নিৰ্দিষ্ট কামৰ বাবে সমৰ্থবান কৰি পঠিয়াইছে। পৃথিৱীত এজন সুস্থ সবল মানুহৰ যিমান খিনি কৰণীয় আছে, ঠিক তেনেকৈ শাৰীৰিক ভাবে অক্ষম জনৰো সমানেই কৰণীয় আছে। সকলো সমান এই পৃথিৱীত। বিশ্বৰ সবাটোতকৈ ধনী মানুহ জনৰ যিমান অভাৱ আছে, তদ্রুপ দুখীয়া পৰিয়ালৰ এজনৰো সমানেই অভাৱ আছে। যিজনে নিজকে উচ্চ জ্ঞান কৰি আনক তুচ্ছ কৰিবলৈ যায় তেঁওতকৈ অজ্ঞানী আৰু মূৰ্খলোক হয়তো দ্বিতীয় জন নোলাব।

জীৱশ্ৰেষ্ঠ হিচাপে আমি প্রত্যেকেই জীৱনৰ প্ৰতিটো সৰু বৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত। কিয়নো আমাৰ বিশ্বখন এখন পুথিহে, যাৰ ৰচক হল ভগবান, আল্লাহ। এই পুথি সাধাৰণ কিতাপত থকা আখৰেৰে লিখিত নহয়; !এই পুথি হল যাক কেৱল মানুহৰ সুক্ষ্ম চিন্তাধাৰাৰ দ্বাৰা অধ্যয়ন কৰিব পাৰি।

সমাজৰ প্ৰত্যেক জন লোক শিক্ষিত হোৱাটো বাঞ্চনীয়। সেই শিক্ষাই কেৱল এটা জীৱিকাৰ পথ বাছি লবলৈ শিকালেই নহব,, আমি কিদৰে জীয়াই থকা উচিত , তাৰ বিষয়েইও শিকাব লাগিব । আমি উচ্চ শিক্ষিত হৈ কেৱল নিজৰ কথা ভাবিলেই জানো হব? যদি সমাজৰ উন্নতিৰ কথা এবাৰলৈও নাভাবো,,,, তেতিয়া সেই  শিক্ষাৰ কোনো মূল্য নাই।

প্ৰথমে আমি নিজক ভাল পাবলৈ শিকোচোন , পিছত সমাজখনক আৰু লগতে নিজকে অসমীয়া বুলি কবলৈ গৌৰৱবোধ কৰিব লাগিব ।
যদিহে আমি নানান জাতি উপজাতিৰে ভৰপূৰ অসম খনক জাতিগত ভাবে বিভক্ত কৰিবলৈ যাওঁ, তেতিয়া হয়তো এদিন পৃথিৱীৰ পৰা অসমীয়া নামৰ জাতি এটাৰ অস্তিত্ব বিশ্বৰ বুকুৰ পৰা লুপ্ত পাব সেইয়া ধুৰূপ।

সকলো জাতি ধৰ্ম নিৰ্বিশেষে যদি ,, নিজকে অসমীয়া বুলি ভাবি আগবাঢ়ি যাওঁ ,, তেতিয়া নিশ্চয় অসমীয়া ভাষাটোক , দেশ খনক একত্ৰিত কৰি ৰাখিব পাৰিম । এয়া কেৱল উঠি অহা আমাৰ যুৱ প্ৰজন্মৰে দায়িত্ব। আমাৰ উপৰিপুৰুষ সকলে ইয়াৰ বাবে বহত কৰি থৈ গৈছে,,,।

আমি প্ৰতেকেই যদি এনেদৰে নিজে নিজকে আগবঢ়াই নিব পাৰো তেতিয়া নিশ্চয়,,,, মৃত্যুৰ ১০ চেকেণ্ডৰ আগত কবলৈ  সক্ষম হম,,,,,
  " (যুৱ প্ৰজন্মৰ ভাষাৰে)) -- কি চালিয়া জীৱন কটালোঁ, সমাজৰ বাবে কি গুলি কাম কৰি আহিলোঁ, মোৰ জীৱন ধৈন্য"!


জয় আই অসম , 
কিমাননো সদায় প্ৰেম প্ৰেম , হাঁহি , হাঁহি কৰি থাকিম কেতিয়াবা কান্দোনকো প্ৰধান্য দি চাব লাগে। 

হাঁহি আৰু কান্দোনৰ সমষ্টিয়ে হৈছে জীৱন। কান্দোনক পৰিহত কৰি কেৱল হাঁহিৰে জীৱন সজাব নোৱাৰি। তেতিয়া জীৱনৰ প্ৰকৃত মাদকতা উপভোগ কৰাৰ পৰা আপুনি বঞ্চিত হব। হাঁহি যদি জীৱনৰ মহৌষধ, তেন্তে কান্দোন হল জীৱনৰ সঞ্জীৱনী। 

যিদৰে এটা প্ৰাণখোলা হাঁহি স্বাস্থ্যৰ কাৰণে লাভজনক,ঠিক তেনেকৈ কান্দোন ও ৰোগ নিৰাময়ৰ উত্তম পন্থা।কান্দোন কেৱল দুখানুভূতি প্ৰকাশৰ মাধ্যমেই নহয় ,ই আনন্দৰ সুখানুভূতিৰ বহি:প্ৰকাশৰ এটা অন্যতম মাধ্যম।

অশ্ৰুৱে আমাক বেদনা , ক্লেশ, চিন্তা আদিৰ পৰা মুক্তি দিয়ে। হঠাতে হোৱা মানসিক আঘাত সহন কৰাত ই সহায় কৰে।
এনে এটা অৱস্থা লৈ মনত পেলাওকচোন ,যেতিয়া কোনোবাজনে আনন্দৰ মুহূৰ্তত হাঁহিবও নোৱাৰে ,অথবা দুখৰ সময়ত কান্দিবও নোৱাৰে । তেনে ব্যক্তিৰ মানসিক অৱস্থা অতি ভয়ানক হৈ পৰাৰ সম্ভাৱনা থাকে। কান্দিলে মনত যি সুখানুভূতিৰ সঞ্চাৰ হয়, সি কেৱল ভুক্তভোগী জনেহে অনুভৱ কৰিব পাৰে।

সততে কোৱা হয় যে পুৰুষে কান্দিব নাপাই, পুৰুষে কন্দাটো দুৰ্বলতা আৰু কাপুৰুষালিৰ হে চিন মাত্ৰ। কিন্তু প্ৰকৃততে সেয়া নহয়। 
কান্দোন এক প্ৰাকৃতিক উপলব্ধি:; ইয়াক উপেক্ষা কৰিলে মনুষ্যই মানসিক সুখ লভিব নোৱাৰে। গতিকে আপুনি যদি পুৰুষ তেন্তে মনৰ বেথা বেদনাক উটুৱাই দিয়ক চকুৰ বানেৰে। 

চকু পানীয়ে কেতিয়াও আপোনাক ক্ষতি নকৰে বৰঞ্চ আপোনাৰ কল্যাণ হে কৰে। এক কথাত বেদনাৰ পৰা নিসৃত অশ্ৰুৰ তৰলতাই অন্ত:মনৰ বিষন্নতাক শান্ত কৰি জীৱনক অধিক গতিশীল কৰি তোলে। 

দুচকুয়েদি বাগৰি অহা অশ্ৰুৰ প্লাৱনে যদি আমাৰ জীৱনৰ বিষাদ খিনি ধুই নিকা কৰি দিব পাৰে , তেতিয়া সেই অশ্ৰুৰ নিজৰা বোৱাই দিয়াত আপত্তি কিহৰ??????

আপোনালোকে কি কয়)???? 

@চম্পক

খন্তেকৰ অনুভৱ



                                   ✍স্বপ্ননীল শইকীয়া

সেইদিনা ২০/০৪/২০১৭ বৃহস্পতি বাৰ আছিল।মই যোৰহাটৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ ট্ৰেভেলাৰত মোৰ বন্ধু চম্পকৰ ঘৰলৈ বুলি।অকলেই গৈছিলোঁ।মোৰ ওচৰতে আন এটা পৰিয়াল আছিল।লগত এটি কণমানি শিশুও আছিল।শিশুটিৰ দেউতাক মোৰ কাষৰ চিট টোতে বহিছিল।গৰম দিনৰ যাত্ৰা অলপ আমনি দায়ক।গতিকে মন ফূৰ্তিত আছিল যদিও অলপ অশান্ত আছিল।তাতে গৰমৰ বাবে নে কি নাজানো শিশু টেৱেও বৰ আমনি কৰি আছিল যাত্ৰাৰ সময় খিনি।শিশু বোৰৰ কেতিয়া কি হয় সেই কথা ঘপহ কৈ কোনোৱে কোৱা সম্ভৱ নহয়।অনুমান হে কৰিব পাৰি।মাক দেউতাকেও একো কৰি শান্ত কৰিব পৰা নাছিল।এই গৰমত মোৰ কিবা ভাল নলগা হে হৈছিল।খং উঠিছিল মাক দেউতাকৰ ওপৰতে।কিন্তু একো কোৱাৰ যুক্তি নাছিল।কাৰণ শিশুৰ আমনি থকা তো স্বাভাৱিক।সহ্য কৰি আছিলোঁ যিমান পাৰোঁ।যিমান শিশুৰ আমনি বাঢ়িছে সিমানে মোৰ মন অশান্ত হৈছে।বাকী বোৰেও অশান্তি পাইছিল।সকলোৰে দৃষ্টি শিশু তোৰ ওপৰতে আছিল কিয় ইমান কান্দিছে বুলি।মাকক কেইবাজন ব্যক্তিয়ে তাক শান্ত কৰিবলৈ বহুত ধৰণৰ পৰামৰ্শ ও দিয়া মোৰ চকুত পৰিছিল।কিন্তু কোনো শান্ত কৰিব পৰা নাছিল।এইবাৰ শিশু তো দেউতাকে লৈ ল'লে মাকৰ কোলাৰ পৰা।মনতে তেতিয়া ভাবিছোঁ এইবাৰ তো কাষলৈ কে আহিল।এনেই ভাল লগা নাই গৰম খনত তাতে ইমান আমনি।মই নিজকে স্থিৰ কৰিবলৈ বহুতো চেষ্টা কৰিছোঁ।গান শুনিও নিজক শান্ত কৰিব পৰা নাই মই।দেউতাকে নানা ধৰণৰ চেষ্টা কৰিছে তাক অলপ উমলাবলৈ কিন্তু সকলো ব্যৰ্থ।
এনেতে আকৌ মোৰ নো কি মন গ'ল নাজানো তাৰ ফালে ঘূৰি বহিলোঁ।তাক কিবাকৰি ঠাণ্ডা কৰিব পাৰিম বুলিয়ে।এনেতে মই তাৰ ফালে হাত খন আগ বঢ়াই দিলোঁ।
এনেতে কি হ'ল তত ধৰিব কে নোৱাৰিলোঁ।শিশু টোৱে মোৰ আঙুলিটো ধৰি মিচিকিয়াই দিলে।
তৎক্ষণাত এনেকৈ মন সলনি কৰি দিয়া দেখি সকলোৱে আচৰিত হৈছিল।তাৰ স্পৰ্শ পাই মোৰ অশান্ত মন একদম শান্ত হৈ পৰিল।তাৰ মিচিকিয়া হাঁহিয়ে মোৰ মন ভৰিল।
কি নো হ'ল একোকে বুজিব নোৱাৰিলোঁ।শিশুটোৱে কি পালে মই বুজিবলৈ সম্ভৱ নহ'ল একোকে।কিন্তু মোৰ সকলো অশান্তি নিমিষতে নাইকিয়া কৰি মোৰ যাত্ৰা চিৰস্মৰণীয় কৰি তুলিলে।
সঁচাকৈ শিশু বোৰ বৰ আচৰিত।
"ভগৱানৰ অপাৰ মহিমাৰ দৰে শিশুবোৰৰ মহিমাও সম্পূৰ্ণ কৈ বুজিবলৈ কাৰোৰে সম্ভৱ হৈ নুঠে"।
আমি মাত্ৰ অনুমান হে কৰিব পাৰোঁ।শিশুটোৱে সেই ক্ষণৰ পৰা অকণো আমনি নকৰিলে।তাৰ কিৰিলিবোৰে সকলো যাত্ৰীৰ মন মুহিবলৈ সম্ভৱ হৈছিল।
এটা কথাই সেইদিনা বুজিলোঁ যে ....."দেৱ শিশুৰ মহিমা আমি সাধাৰণ মানুহে বুজিব কেতিয়াও নোৱাৰিম।"
সেই সময় খিনি মই কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি দি গ'ল।
সঁচাকৈ জীৱনত কেতিয়া, কোন ক্ষণত কি ঘটিব কোনো নাজানে।

বাৰিষা কাল

বাৰিষা কাল

  🖊ধনটি শইকীয়া…

এতিয়া বাৰিষা কাল…
ফুলতকৈ ফলেই ভাল…
মন আকাশত উৰি ফুৰে…
মৌ -পিয়া এহাল।
মনৰ নিৰ্জানতাক জীপাল কৰি…
পৰিপুৰ্ণ কৰে হৃদয় বিশাল…
বাৰিষাৰ বানত উটি যাই সুখৰ ভড়াল…।।

এতিয়া বাৰিষা কাল …
ফুলতকৈ ফলেই ভাল…।।

আমি অসমীয়া কিন্তু আজি কিহৰ দুখীয়া..............????



                                    ✍স্বপ্ননীল শইকীয়া


"আমি অসমীয়া নহয় দুখীয়া" এই কথাফাঁকি আজি মাত্ৰ গানটোতেই সীমিত হৈ থাকিল।আজি আমি আমাৰ মাতৃভাষা "অসমীয়া" কথা কেইটাকে শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ নাজানোঁ।তাটোতকৈ ডাঙৰ কথা আমি নিজৰ ভাষাটো শিকিব লগীয়া বুলিয়ে নাভাবোঁ।নহ'লে বাৰু আমি আমাৰ সন্তান বোৰক ইংৰাজী মাধ্যমত পঢ়িবলৈ দিওঁ নে...??কোনোবাই যদি সোধে তেতিয়া আমি ক'বলৈও বৰ ভাল পাওঁ ইংৰাজী মাধ্যমৰ কথা।
আমি আজি আমাৰ অস্তিত্বই পাহৰিছোঁ।নহ'লেনো নিজৰ চিনাকী টোকে আজি আমি অসমীয়া বুজি নাপাওঁ বুলি বুকু ফিনদাই ক'ব পাৰিলোঁ হেঁতেন নে....????
"মই অসমীয়া নাজানো বুলি।"

আজি আমি কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে তাত আমি ঘপহকৈ অসমীয়া ভাষাত কিবা এফাঁকি ক'ব নোৱাৰোঁ।কোৱা কেইজনৰো সৰহ সকলৰ খোকোজা লাগে।গতিকে মাজে মাজে ইংৰাজী শব্দৰ প্ৰয়োগ কৰিবলৈ বাধ্য হয়।আজি আমি অসমীয়াত কিবা যদি ভাষণ দিব লগীয়া হয় আমি কোনোবা অভিজ্ঞ এজনৰ পৰা ভাষণবোৰ লিখি ল'ব লগীয়া হয়।কাৰণ  আমি নাজানো অসমীয়া শব্দ বোৰ।

আমি আজি আনৰ ভাষা সংস্কৃতি বোৰ আঁকোৱালি লৈছোঁ হয় কিন্তু লগতে নিজৰটোক বাদ দি গৈছোঁ।আনৰ সংস্কৃতি আহি আজি আমাৰ বৰঘৰ পালেহি।আমাৰ বোৰ ক'ত থাকিল...???আমাৰ বোৰ হেৰাই গৈছে লাহে লাহে।এনেকৈ এটা দিন আহিব যে  আমাৰ পিছৰ প্ৰজন্মই পঢ়িবলৈ পাব যে অসমত এটা সময়ত "অসমীয়া ভাষা" বুলি এবিধ ভাষাও আছিল।
সেইবুলি আনৰ ভাষা সংস্কৃতিৰ অপমান কৰা উচিত নহয়।শিকিব লাগে সকলো শিক্ষাই মানুহক লাগে।কিন্তু নিজৰ চিনাকি ,নিজৰ অস্তিত্ব সকলো সমানে গুৰুত্ব দিব লাগে।

আমাৰ অসমীয়া ভাষাৰ অধঃপতন যোৱাৰ মূল কাৰণ হ'ল আমি আমাৰ ভাষা তো শিকিবলৈ প্ৰেৰণা নিদিওঁ।
আমাৰ আটাইতকৈ বেয়া স্বভাৱ তো হ'ল যে ......আমি কাৰোবাক কিবা শিকাবলৈ ইচ্ছা নকৰোঁ।আমাৰ ওচৰতে যদি কোনোবাই অসমীয়া তো ভুলকৈ কৈছে বা লিখিছে আৰু যদি সেই ভুল আমি দেখিছোঁ কিন্তু আমি তেওঁক কোৱা নাই যে তেওঁৰ ভুল হৈছে।শুদ্ধ কৈ শিকাই নিদিওঁ।মনে মনে এটাই কথা ভাবোঁ যে ....."তই নাজান মোৰ কি হানি হ'ব"।এনেকৈ আঁতৰি দিয়া হয় সেই ভুল বোৰৰ পৰা।আৰু সেই ভুল ভুল হৈ থাকি যায়।আজি কালি কিতাপ খুব ক'ম  সংখ্যক লোকে হে পঢ়ে।আজি সৰহ সংখ্যকেই ইণ্টাৰনেটত শিকি নিজক প্ৰস্তুত কৰে। আমি যদি চাওঁ শিক্ষাৰ্থী সকলৰ ফালে বিশেষ কৈ কলেজৰ।সৰহ সংখ্যক শিক্ষাৰ্থীয়ে কিবা বিষয়ে নাজানিলে প্ৰথম ইণ্টাৰনেটত হে বিচাৰে।যদি আমি তাত কিবা ভুল কৈও থাকে আমি সেইটোকে শুদ্ধ বুলিয়ে লৈ লওঁ।কাৰণ তাত কোনোবা অভিজ্ঞ এজনে দিয়া থাকে বাবেই আমি শুদ্ধ ভাবোঁ।
আৰু সেই ভুল বোৰেই শুদ্ধ বুলি থাকি যায় সদায়ৰ কাৰণে।

ইয়াতে এটা কথা কওঁ ....
"নজনাটো লাজৰ কথা নহয় শিকিবলৈ ইচ্ছা নকৰা টোহে লাজৰ কথা"
বহুতো লোক এনে আছে যে শিকিবলৈ ইচ্ছা কৰে।আজি নিজৰ মাতৃ ভাষাটো শিকিব বিচাৰে।সেইসকলক আমি সকলোৱে মিলি শিক্ষা দিয়া তো আমাৰ কৰ্তব্য।
শিক্ষা দান যে কেৱল শিক্ষকৰ হে ধৰ্ম এনে তো কোনো কথা নাই।যি সকলে এনে ধাৰণা ৰাখে সেই সকলৰ মানসিকতা সলনি কৰিব হ'ল।শিক্ষা সকলোৱে সকলোকে দিব পাৰে।আমাৰ সমাজত এনে এচাম লোক আছে যিসকলে নিজৰ ভুল বোৰ কোনোবাই দেখুৱাই দিলে বেয়াও পায়।সেই সকলৰ মতে নিজেই সকলো জানে।এনে বোৰৰ বাবে আপুনি মই যদি শিকিবলৈ ইচ্ছা ৰখা লোককো ভুল বোৰ শুধৰাই নিদিওঁ সেইয়া বাৰু কেনেকৈ উচিত হ'ব এবাৰ বাবেই চাওঁ আহকচোন!

যদি আমি অকল নিজৰ স্বাৰ্থ তো হে গুৰুত্ব দিওঁ তেতিয়া হ'লে আমি আমাৰ পূৰ্বৰ সংগ্ৰামী সকলৰ বলিদান বোৰ ব্যৰ্থ বুলি প্ৰমাণ কৰা হে হ'ব।সেই সকলৰ বাবে আজি আমি আছোঁ।সেইসকলৰ দান আজি আমি নিজৰ বুলি সাৱটি আছোঁ।যদি সেই সকলেও একমাত্ৰ নিজৰ কথা ভাবিলে হেঁতেন আজি আমি বাৰু থাকিলোঁ হেঁতেন নে...??
গতিকে সকলো ক্ষেত্ৰত নিজৰ স্বাৰ্থ উচিত নহয়।
আপুনি জনা তো  নজনা এজনক শিকাই দিয়ক ইয়াৰ পৰা সকলোৰে উপকাৰ হ'ব।

আমি এটা সাধাৰণ উদাহৰণ হিচাপে তলত দিয়া ফটো খনকে চাওঁ আহকচোন।ফটো খনৰ খনত কেইটা ভাল কথা কিন্তু তাত থকা অসমীয়া শব্দৰ বানান কেইটালৈ মন কৰিব।তাটোতকৈ ডাঙৰ কথা সেই ভুল শব্দ কেইটা কেইজন মানে শুদ্ধ বুলি নিজেও তেনেকৈ লিখিছে।লিখনিটোত সমৰ্থন দিছে  তিনিহাজাৰৰ অধিক লোকে,মন্তব্য দিছে পাঁচশৰো অধিক লোকে আৰু প্ৰচাৰ কৰিছে প্ৰায় অৰ্ধশতাধিক লোকে।কিন্তু তাত ভুল শুধৰাই দিয়া মানুহৰ সংখ্যা এজন নে দুজনক হে দেখা  গৈছে।
তাকো দুজন মনৰ শিকনি খিনিও ভুল কৈয়ে শিকাইছে।
আজিকালি বাতৰি কাকতত পঢ়িব পোৱা যায় কিছুমান শিক্ষকৰ ভুল পাঠদানৰ খবৰ।এনেকুৱা ঘটনা আজি কালি স্বভাবিক হৈছে।এনেকৈয়ে যে আমাৰ অসমীয়া ভাষাটো ভুল হৈ গৈ নাথাকিব এই কথা কোনোবাই নুই কৰিব পাৰিব নে...??

আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আমি কি থৈ যাম....??
এই ভুল বোৰ নে কিবা এটা কৰি এই ভুল বোৰ শুদ্ধ কৰিম.....???
ইয়াৰ বিচাৰ কোনে কৰিব....????
আমি অসমীয়া বুলি ক'বলৈ আমি অসমীয়াৰ হকে কি কৰিছোঁ ...??
এই প্ৰশ্ন কেইটা নিজক নিজেই কৰিবচোন এবাৰ আৰু উত্তৰটো কি পালে সেই উত্তৰৰ বিপৰীতে আপুনি কি কৰিছে বুজিব পাৰিব।
দেশৰ হকে ,জাতিটোৰ হকে কৰিব পৰা এনে বহুতো কাম আছে যিবোৰৰ পৰা আমি সদায় আঁতৰি থাকোঁ।
পূৰ্বৰ সংগ্ৰামী  সকলে আমাক চিনাকি দি গ'ল আজি আমি সেই চিনাকী তো আৰু দৃঢ় কৰিবলৈ আমাৰ কৰ্তব্য আমি কৰিব লাগিব।
সকলোৰে ভালৰ হকে অলপ স্বাৰ্থ ত্যাগ কৰিবলৈ চেষ্টা কৰক এইয়াই অনুৰোধ থাকিল।সদায় মনত ৰাখিব আপোনাৰ কাষৰ জনৰ ভাল হ'লে আপোনাৰো ভাল দেশৰো ভাল সকলোৰে ভাল।

বি:দ্ৰ:- ইয়াত কাকো বিশেষ ভাৱে আঙুলিয়া দিয়া নাই।গতিকে কথাখিনিৰ তাৎপৰ্য বুজিব বুলি আশা কৰিলোঁ ।মোৰ কথাখিনিৰ সৈতে আপুনি যদি একমত তেতিয়াহে'লে কথাখিনি শ্বেয়াৰ কৰিব পাৰে।ইয়াৰ পৰা কাৰোবাৰ কিবা ভাল হয় তেতিয়া লিখনিটো সফল হ'ব।

অনুভৱ



                      ✍  চম্পক গগৈ 



"সুন্দৰৰ কোনো পোছাক নাই।
শিল্পীৰ কোনো ঘৰ নাই,
সংস্কৃতিৰ কোনো ভাষা নাই,
মানৱতাইহে সৃষ্টিৰ চাৰিসীমা
নিৰ্ধাৰণ কৰে।"

  জীৱৰ ভিতৰতে শ্ৰেষ্ঠ হল মানৱ। পৃথিৱীৰ প্ৰতি চুকে চুকে যুগগ্ৰামী আদৰ্শেৰে মানুহে এক  প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে। ইতিহাসৰ পাতে পাতে ই দৃষ্টিগোচৰ হব।

আজিৰ মানৱ সৰ্বগুণসম্পন্ন ,কিন্তু ই জানো সত্য? মানৱে সদায় সজ আদৰ্শ মানি চলে ,কিন্তু ই জানো সঁচা? মানুহে সদায় উচ্চ চিন্তা চর্চাৰে নিজৰ নীতি আদৰ্শ মানি চলে , ই জানো ধ্ৰুৱ? ওহোঁ কেতিয়াও নহয় ,,,,,। কাৰণ মানবেই একমাত্ৰ জীৱ ,যি সমাজৰ বিপৰীতে সকলো কাম কৰে । মানৱেই মানৱৰ বাবে আজি ফেঁটী সাপৰ পোৱালি হৈ ফেপেৰি পাতি উঠিছে। দুৰ্নীতি, লুণ্ঠন ,ধৰ্ষণ, আদিৰ দৰে দুষ্কর্ম বিলাক চোন মানুহেই কৰি আছে,।

সন্ত্ৰাসবাদ আদিৰ দৰে সমস্যা বোৰৰ জন্মদাতা আজিৰ মানৱেই। এনে বিলাকৰ কবলত পৰি কাৰোবাৰ হেৰুৱাইছে শিৰৰ সেন্দুৰ কণ। কাৰোবাৰ হেৰুৱাইছে বুকুৰ পৰা কণমানি দুমহীয়া কেঁচুৱাটি। কোনোবা শাৰীৰিক ভাবে অক্ষম তথা বৃদ্ধ জনৰ হেৰাইছেএকমাত্র সহায়ৰ হাত , তেওঁৰ পুত্ৰ।কিন্তু এনেকৈ মানুহ মাৰি মানুহৰ জয়গান গোৱাটো কিমান সমীচীন।???

কাৰোবাৰ হৃদয়ত লগাকৈ কথা কৈ আনৰ নাটক কৰি নতুবা বেলেগক শলঠেকত পেলাই আমি আমাৰ ব্যক্তিত্ব গঢ়িব নোৱাৰো। বহুলোকে আনক সমালোচনা কৰি আপোন ব্যক্তিত্ব সবল কৰিবৰ চেষ্টা কৰে, কিন্তু এনে ব্যক্তিত্ব পানীৰ বেজীৰ দৰেই অৰ্থহীন।

আদর্শবান হোৱা হে মানৱ, আকাশলঙহী হওক সকলোৰে মনোবল। আদৰ্শ বোৰ যাতে হৈ পৰক পেৰণাদায়ক।
তেওঁ মোক সঁচাকৈ ভাল পাই এইয়া হ'ল "বিশ্বাস"
তেওঁৰ লগত ফুৰিব যাব পাৰিম এইয়াও হ'ল "বিশ্বাস"
তেওঁ মিছা কথা কোৱা মানুহ নহয় এইয়াই "বিশ্বাস"

মই কেতিয়াবা কিবা বিপদত পৰিলে তেওঁ মোক উদ্ধাৰ কৰিবই,এইয়া হৈছে "ভৰষা"
জীৱনৰ যিকোনো পৰিস্থিতিতে তেওঁ মোক লগ এৰি নাযায় , এইয়াই "ভৰসা"..
তেওঁ মোক কেতিয়াও মিছা কোৱা নাই আৰু নকয় এইয়াই "ভৰষা"

"বিশ্বাস" আমি কাৰোবাৰ ওপৰত সোনকালে কৰিব পাৰোঁ।আৰু ঠিক তেনেকৈ আমাৰ "বিশ্বাস" সোনকালে ভাগিবও পাৰে। "বিশ্বাস"ৰ কোনো নিৰ্দিষ্টতা নাই…......খন্তেকত সম্ভৱ হোৱা বস্তু খন্তেকত ভাগিবও।

কিন্তু....

"ভৰষা" আমি কাৰোবাৰ ওপৰত "ভৰষা" খুব ভাবি চিন্তি বহুত সময়ৰ অন্তত হে কৰোঁ।"ভৰষা" খন্তেকত সম্ভৱ কেতিয়াও নহয়।
বহুত প্ৰমাণ বিশ্লেষণ কৰিহে কাৰোবাৰ ওপৰত "ভৰষা" কৰাটো সম্ভৱ।

সকলো সম্পৰ্কত "ভৰষা" থাকিব লাগিব।নহ'লে সম্পৰ্ক বেছি দিন নাথাকে।
"ভৰষা" থাকিলে জীৱনত ভয় নাথাকে কিবা হেৰুৱাৰ,কিবা নোপোৱাৰ দুখ নাথাকে।সদায় উৎসাহেৰে জীৱন পাৰ হয়।সদায় হাঁহিবলৈ কিবা নহয় কিবা এটা কাৰণ থাকেই।

সেই বাবে "ভৰষা" য'ত থাকে তেওঁ মৃত্যুৰ পিছতো সদায় বিজয়ী বুলি পৰিচিত হয়।


✍স্বপ্ননীল শইকীয়া

বাট চাওঁ মাথোঁ ৰাতিপুৱালৈ


     
                             ✍স্বপ্ননীল শইকীয়া

এতিয়া আৰু আন্ধাৰলৈ কিহৰ ভয়…..??
তাইৰ ওচৰত জোনটিৰ পোহৰ ইমানেই গধুৰ যে
নিশাৰ আন্ধাৰবোৰেও হাৰ মানিবলৈ বাধ্য হয়।
এতিয়া মাথোঁ ৰাতিপুৱালৈ হে বাট চাওঁ.......
তাইৰ কাষতেই মোৰ আন্ধাৰ নিশাবোৰ পাৰ হৈ যায়.........
নিজক বিচাৰি পাওঁ তাইৰ কাষতেই.....
কত যে মৰম লুকুৱাই ৰাখিছে ইয়াৰ একোৱেই তুলনা নাই......
মোৰ কঁপালতে তাই এটি চুমা দি তাইৰ বুকুতেই শুৱাই ....
নিজকে ভাল পাবলৈ শিকাই যায়....
প্ৰতিটো স্পৰ্শই যেন কৈ যায়........."তাই মোৰ বাবেই আছে"
এতিয়া মাথোঁ শেষ সপোন .....
তাইৰ সৈতে পুৱাৰ বেলিটিৰ দিশে জীৱনৰ বাটত খোজ দিয়া..
আজি যে তোমাতেই বিৰাজমান মই.......
এতিয়া আৰু আন্ধাৰলৈ কিহৰ ভয়....???

সন্ধ্যাৰ কোলাত এমুঠি কবিতাঃ


   
🖊ধনটি শইকীয়া


সন্ধ্যাৰ কোলাত এমুঠি কবিতা…
তুমি কোন যুগৰ …
জোনাকী…
গধূলি গোলাপ জোপাৰ ফেৰেঙনিত বহি কাৰ সৈতে কথা পাতা…
জোনৰ মুখত…দেখো সেউজীয়া…
সেউজীয়া বোৰ ৰূপান্তৰ ঘটে…
দূবৰি বোৰ শুই থাকে…
জোনৰ পিঠিত কাৰ দাগ…
জোনাকৰ নে তৰালি দুখৰ বোজা……।।
এমুঠি সপোনৰ সৈতে তাই আহে পৃথিৱীলৈ

                                  ✍স্বপ্ননীল শইকীয়া

এজনী ছোৱালী জন্ম হৈ আহিয়েই ঘৰ খন নিজৰ কৰি লয়।সকলোৰে হাঁহিৰ কাৰণ হৈ পৰে।দেউতাকৰ কাৰণে তো ৰাজকুমাৰী যদি আছে একমাত্ৰ তাইহে যেন।বৰ হেঁপাহেৰে ডাঙৰ কৰে।সৰুৰে পৰাই নানা ধৰণৰ সপোন দেখে।সপোনৰ ভাগ আকৌ সকলোৱে পাই।কাৰণ যি সপোন দেখে সকলোৰে সৈতে হে দেখে।এইটোয়ে প্ৰকৃতি ছোৱালীৰ।এনেকৈয়ে সপোনৰ মাজে অলপ অলপ কৈ ডাঙৰ হৈ আহে।সপোন বোৰৰ পুৰণ হোৱাৰ সম্ভাৱনা বোৰ যেতিয়া বৰ প্ৰখৰ হয় তেতিয়াই কিছুমান ৰীতি নীতিয়ে সপোন বোৰ দিঠক হোৱাত বাধা দিয়ে।এনেকৈ ব্যৰ্থ হয় সেই দেউতাকৰ ৰাজকুমাৰী হৈ দেখা সপোন বোৰ ত্যাগ কৰে।আকৌ আহিল নীতি নিয়ম পালনৰ বাবে কৰিবলগীয়া খিনি।যিমান যি হওঁক কৰি যায় যেনেকৈ সম্ভৱ হওঁক।উপায় নাই ছোৱালী হৈ জন্ম লোৱা পিছত সিহঁতৰ নীতি নিয়মৰ মাজেৰেই জীৱন আৰম্ভ হয় ।মুক্ত আকাশৰ সৈতেও সিহঁতে খেলিবলৈ অকলে ওলাই চাব নোৱাৰে কেনিও।কি কৰিব উপায় নাই কেতিয়া ক'ত কোনে বেয়া দৃষ্টি দি ৰাখিছে কোনে জানে..!!থাকে আৰু এনেকৈ নিজকে সান্তনা দি যি যেনেকৈ পাৰে।এনেকৈ লাহে লাহে দায়িত্ব বাঢ়ি গৈ থাকে।দায়িত্ব বোৰ এনেদৰে বাধ্যতামূলক হৈ পৰে সিহঁতৰ বাবে যেন সিহঁত জন্মই সেই বোৰৰ বাবেই।সৰুৰে পাই সেইবোৰ দেখি থাকে বাবেই সহজে মানি লয় সকলো নিশ্চুপ হৈ।বিৰোধ কৰিবলৈ হ'লে হে বদনামৰ সৰগ ভাগি পৰিব তাতকৈ সহি যোৱাই ভাল বুলিয়ে  নিমাত হৈ থাকে।
এনেকৈ আহিব এদিন প্ৰেমৰ দিন।ছোৱালী বোৰৰ প্ৰেমৰ অনুভৱ বোৰ বৰ মধুৰ।যেতিয়া সিহঁতে অকলে থাকে নিজৰ সজাই থাকে তেতিয়া হাজাৰ ভাৱনাত বিভোৰ হৈ থাকে।নিজকে নিজে চাই লাজ কৰে।সিহঁতৰ সেই লাজুকী হাঁহিৰ ভাঁজে ভাঁজে ক’ত যে কবিয়ে কবিতা লিখে তাৰ একো সীমা নাই।তথাপিও যেন সেই হাঁহিটিৰ বাবে একোৱে শ্ৰেষ্ঠ নহয় এনেকুৱা হে লাগে।নানান ধৰণৰ সপোনৰ ৰঙ সেই হাঁহিত ফুটি উঠে।
পিছে পৃথিৱীৰ সকলো ছোৱালী ধুনীয়া সকলোৰে বিশেষ কিবা এটা থাকেই।যিটোৰ বাবে তেওঁ জিলিকি থাকে।
সিহঁতে নিজক সদায় প্ৰস্তুত কৰে সেই ৰাজকুমাৰ জনৰ বাবে।
এনেকৈ কোনোবা দিনৰ শুভক্ষণত আহিব কোনোবা এজন।প্ৰথম প্ৰথম ভবা মতেই কৰি গৈ থাকে।এনেকৈ নিজক  সিহঁতে সেই জনৰ ওচৰত সম্পূৰ্ণ অনুভৱ কৰি নিজক গতাই দিয়ে।নিজৰ কথা অকণো ভাবিব সময় নোহোৱাৰ দৰেই হৈ যায় কাৰণ তেওঁৰ সকলো ভাল লগা বেয়া লগা বোৰৰ বাবেই ৰাতি দিন এক কৰি দিয়ে।সেইবোৰ কৰি থাকোতে সিহঁতৰ বাকী থকা সপোনৰ কথা পাহৰিয়েই থাকে।মনত থাকিলেও সেইবোৰ জৰুৰী নহয় বুলি পাহৰি পেলাই।এনেকৈ সেই বোৰো ত্যাগ কৰি জীৱনৰ বাটত আগুৱাই যায়।এনেকৈ এদিন নিজক  মাতৃ হিচাপে চিনাকি দিব জগতত।তেতিয়া আৰু বেছি দায়িত্ব বাঢ়িব।তেতিয়া নিজৰ কথা অকণো নাভাৱে অকল ঘৰ খনতেই সকলো সময় শেষ হৈ যায়।ইমান ব্যস্ত যে নিজৰ দেহাটোৰ যত্ন ল'বলৈ কে পাহৰি থাকে।নিজে ন'ললে লোৱা মানুহ নাই যে।থাকোতে সকলোৱে আছে কিন্তু তেওঁৰ বাবে হে সকলোৰে হাতত সময়ৰ অভাৱ।আচলতে সকলো নিজৰ নিজৰ লগত ব্যস্ত থাকে বাবেই তেওঁ কাকো একো ক'বও নোৱাৰা হৈ থাকে।এনেকৈ লাহে লাহে শৰীৰ দুৰ্বল হৈ আহে।সময়ৰ সৈতে নিজে নিজে যিমান পাৰে আগুৱাই যায়।কোনোৱে নোসোধে  সকলো ব্যস্ত নিজৰ লগতে।তথাপিও আপত্তি নাই একোতেই।পিছে নিজৰ বোৰৰ ওচৰত কিনো আপত্তি কৰিব।এনেকৈ নিজক শেষ কৰি দিয়ে।

এনেকৈ স্ত্ৰীৰ জীৱনকাল শেষ হৈ যায়।
জীৱনৰ সময় বোৰ সদায় আনৰ বাবেহে দি যায়।সময়ৰ বোজা বোৰ মূৰত তুলি লয়।বিষত কোঙা হৈ যায় যদিও মুখত সদায় হাঁহি হে দেখা যায়।সদায় সুখী হোৱাৰ হে প্ৰতিচ্ছবি প্ৰতিফলিত হয়।বিনিময়ত কিবা পালেও নাপালেও একোতে আপত্তি নকৰে।মাত্ৰ দি থাকে যি য'ত যেনেকৈ পাৰে।তাৰ উপৰিও বৰ বৰ ককৰ্থনা বোৰৰ আকৌ তেওঁলোকৰ ভাগত হে বেছি।সমাজৰ নীতি নিয়মৰ কিল,ভুকো বোৰ আছেই।
তেওঁলোকেও বিচাৰে সকলো সুখ।মাত্ৰ দাবী হে নকৰে।ত্যাগ কৰি যোৱা যেন তেওঁলোকৰ হে ধৰ্ম।

তেওঁলোকৰ এই ত্যাগৰ বিনিময়ত যদি আমি বোৰে কিবা দিব পৰা সম্ভব নে বাৰু....??
তেওঁলোকৰ বাবে আমি একো কৰিব নোৱাৰিলেও অন্তঃত তেওঁলোকৰ  যত্ন লোৱাত কোনো ধৰণৰ কৃপণতা যেন নহয় তাৰ বাবে আমি নিজেই সতৰ্ক হ'ব লাগিব।
তেওঁলোকৰ সুখ দুখৰ কথা আমি নিজে ভাবিব লাগিব।কাৰণ তেওঁলোকৰ ভাললগা বোৰ কেতিয়াও প্ৰকাশ নকৰে।।তেওঁলোকৰ সৰু সৰু কথা বোৰকে যদি আমি গুৰুত্ব দিওঁ আৰু সেই সৰু সৰু ইচ্চা বোৰ পূৰণ কৰিব পাৰোঁ তাতেই তেওঁলোকে স্বৰ্গৰ সুখ বিচাৰি পায়।

এজনী ছোৱালী এপাহি সুগন্ধি ফুলৰ দৰে।যি সদায় সকলোকে সুগন্ধিৰে ভাল লগাই।সকলোৰে মনৰ বেয়া বোৰ আঁতৰাই ।প্রয়োজন অনুসাৰে এজোপা প্ৰকাণ্ড গছৰ ৰূপত থিয় দিব।সকলোকে তাৰ ছাঁত জিৰাবলৈ দিয়ে।ফলে,ফুলে নদন বদন কৰি তোলে।কাৰণ এওঁলোক প্ৰকৃতি।
"প্ৰকৃতিৰ বাবেই হে পুৰুষৰ অস্তিত্ব আছে"
গতিকে.....
"প্ৰকৃতিৰ যত্ন লোৱাটো পুৰুষৰ প্ৰথম ধৰ্ম" ..