-সমুজ্জ্বল
---------------
ঢলং পলংকৈ খোজ কাঢ়ি বৰুৱা আৰু হাজৰিকা বাৰখনৰ পৰা ওলাল।অলপ দূৰ আহি তিনিআলিটোৰ ডাঙৰ কৃষ্ণচূড়া গছজোপাৰ আঁৰত হাজৰিকাই প্ৰস্ৰাৱ কৰিবলৈ থিয় হ'ল।বৰুৱাই মাত লগালে-"বুজিছেনে হাজৰিকা,ঠাণ্ডা পৰিল।সঁচাকৈয়ে ঠাণ্ডাৰ দিনকেইটাৰ আমেজেই বেলেগ।না মহ-ডাঁহৰ চিন্তা,না গেলা গৰমৰ চিন্তা।গৰম কাপোৰৰ উম লৈ এই দিনকেইটা কটোৱাৰ মজায়েই সুকীয়া।"
ওচৰৰ বন্ধ দোকানখনৰ বাৰাণ্ডাত শুবলৈ যোঁ জা চলোৱা অঘৰী ভিক্ষাৰীজনে মুখৰ ভিতৰতে বিৰবিৰালে-"ঠাণ্ডা সঁচাকৈয়ে পৰিল।ঠাণ্ডাৰ দিনকেইটা পাৰ কৰিবলৈ গৰম কাপোৰ এখন ক'ত পাওঁ এতিয়া?যোৱাবছৰৰ দৰে এইবছৰো ঠাণ্ডাত কঁপি কঁপিয়েই এইকেইটা দিন পাৰ কৰিব লাগিব যেন পাওঁ!"
No comments:
Post a Comment