Click

Wednesday, June 7, 2017

আমি অসমীয়া কিন্তু আজি কিহৰ দুখীয়া..............????



                                    ✍স্বপ্ননীল শইকীয়া


"আমি অসমীয়া নহয় দুখীয়া" এই কথাফাঁকি আজি মাত্ৰ গানটোতেই সীমিত হৈ থাকিল।আজি আমি আমাৰ মাতৃভাষা "অসমীয়া" কথা কেইটাকে শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ নাজানোঁ।তাটোতকৈ ডাঙৰ কথা আমি নিজৰ ভাষাটো শিকিব লগীয়া বুলিয়ে নাভাবোঁ।নহ'লে বাৰু আমি আমাৰ সন্তান বোৰক ইংৰাজী মাধ্যমত পঢ়িবলৈ দিওঁ নে...??কোনোবাই যদি সোধে তেতিয়া আমি ক'বলৈও বৰ ভাল পাওঁ ইংৰাজী মাধ্যমৰ কথা।
আমি আজি আমাৰ অস্তিত্বই পাহৰিছোঁ।নহ'লেনো নিজৰ চিনাকী টোকে আজি আমি অসমীয়া বুজি নাপাওঁ বুলি বুকু ফিনদাই ক'ব পাৰিলোঁ হেঁতেন নে....????
"মই অসমীয়া নাজানো বুলি।"

আজি আমি কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে তাত আমি ঘপহকৈ অসমীয়া ভাষাত কিবা এফাঁকি ক'ব নোৱাৰোঁ।কোৱা কেইজনৰো সৰহ সকলৰ খোকোজা লাগে।গতিকে মাজে মাজে ইংৰাজী শব্দৰ প্ৰয়োগ কৰিবলৈ বাধ্য হয়।আজি আমি অসমীয়াত কিবা যদি ভাষণ দিব লগীয়া হয় আমি কোনোবা অভিজ্ঞ এজনৰ পৰা ভাষণবোৰ লিখি ল'ব লগীয়া হয়।কাৰণ  আমি নাজানো অসমীয়া শব্দ বোৰ।

আমি আজি আনৰ ভাষা সংস্কৃতি বোৰ আঁকোৱালি লৈছোঁ হয় কিন্তু লগতে নিজৰটোক বাদ দি গৈছোঁ।আনৰ সংস্কৃতি আহি আজি আমাৰ বৰঘৰ পালেহি।আমাৰ বোৰ ক'ত থাকিল...???আমাৰ বোৰ হেৰাই গৈছে লাহে লাহে।এনেকৈ এটা দিন আহিব যে  আমাৰ পিছৰ প্ৰজন্মই পঢ়িবলৈ পাব যে অসমত এটা সময়ত "অসমীয়া ভাষা" বুলি এবিধ ভাষাও আছিল।
সেইবুলি আনৰ ভাষা সংস্কৃতিৰ অপমান কৰা উচিত নহয়।শিকিব লাগে সকলো শিক্ষাই মানুহক লাগে।কিন্তু নিজৰ চিনাকি ,নিজৰ অস্তিত্ব সকলো সমানে গুৰুত্ব দিব লাগে।

আমাৰ অসমীয়া ভাষাৰ অধঃপতন যোৱাৰ মূল কাৰণ হ'ল আমি আমাৰ ভাষা তো শিকিবলৈ প্ৰেৰণা নিদিওঁ।
আমাৰ আটাইতকৈ বেয়া স্বভাৱ তো হ'ল যে ......আমি কাৰোবাক কিবা শিকাবলৈ ইচ্ছা নকৰোঁ।আমাৰ ওচৰতে যদি কোনোবাই অসমীয়া তো ভুলকৈ কৈছে বা লিখিছে আৰু যদি সেই ভুল আমি দেখিছোঁ কিন্তু আমি তেওঁক কোৱা নাই যে তেওঁৰ ভুল হৈছে।শুদ্ধ কৈ শিকাই নিদিওঁ।মনে মনে এটাই কথা ভাবোঁ যে ....."তই নাজান মোৰ কি হানি হ'ব"।এনেকৈ আঁতৰি দিয়া হয় সেই ভুল বোৰৰ পৰা।আৰু সেই ভুল ভুল হৈ থাকি যায়।আজি কালি কিতাপ খুব ক'ম  সংখ্যক লোকে হে পঢ়ে।আজি সৰহ সংখ্যকেই ইণ্টাৰনেটত শিকি নিজক প্ৰস্তুত কৰে। আমি যদি চাওঁ শিক্ষাৰ্থী সকলৰ ফালে বিশেষ কৈ কলেজৰ।সৰহ সংখ্যক শিক্ষাৰ্থীয়ে কিবা বিষয়ে নাজানিলে প্ৰথম ইণ্টাৰনেটত হে বিচাৰে।যদি আমি তাত কিবা ভুল কৈও থাকে আমি সেইটোকে শুদ্ধ বুলিয়ে লৈ লওঁ।কাৰণ তাত কোনোবা অভিজ্ঞ এজনে দিয়া থাকে বাবেই আমি শুদ্ধ ভাবোঁ।
আৰু সেই ভুল বোৰেই শুদ্ধ বুলি থাকি যায় সদায়ৰ কাৰণে।

ইয়াতে এটা কথা কওঁ ....
"নজনাটো লাজৰ কথা নহয় শিকিবলৈ ইচ্ছা নকৰা টোহে লাজৰ কথা"
বহুতো লোক এনে আছে যে শিকিবলৈ ইচ্ছা কৰে।আজি নিজৰ মাতৃ ভাষাটো শিকিব বিচাৰে।সেইসকলক আমি সকলোৱে মিলি শিক্ষা দিয়া তো আমাৰ কৰ্তব্য।
শিক্ষা দান যে কেৱল শিক্ষকৰ হে ধৰ্ম এনে তো কোনো কথা নাই।যি সকলে এনে ধাৰণা ৰাখে সেই সকলৰ মানসিকতা সলনি কৰিব হ'ল।শিক্ষা সকলোৱে সকলোকে দিব পাৰে।আমাৰ সমাজত এনে এচাম লোক আছে যিসকলে নিজৰ ভুল বোৰ কোনোবাই দেখুৱাই দিলে বেয়াও পায়।সেই সকলৰ মতে নিজেই সকলো জানে।এনে বোৰৰ বাবে আপুনি মই যদি শিকিবলৈ ইচ্ছা ৰখা লোককো ভুল বোৰ শুধৰাই নিদিওঁ সেইয়া বাৰু কেনেকৈ উচিত হ'ব এবাৰ বাবেই চাওঁ আহকচোন!

যদি আমি অকল নিজৰ স্বাৰ্থ তো হে গুৰুত্ব দিওঁ তেতিয়া হ'লে আমি আমাৰ পূৰ্বৰ সংগ্ৰামী সকলৰ বলিদান বোৰ ব্যৰ্থ বুলি প্ৰমাণ কৰা হে হ'ব।সেই সকলৰ বাবে আজি আমি আছোঁ।সেইসকলৰ দান আজি আমি নিজৰ বুলি সাৱটি আছোঁ।যদি সেই সকলেও একমাত্ৰ নিজৰ কথা ভাবিলে হেঁতেন আজি আমি বাৰু থাকিলোঁ হেঁতেন নে...??
গতিকে সকলো ক্ষেত্ৰত নিজৰ স্বাৰ্থ উচিত নহয়।
আপুনি জনা তো  নজনা এজনক শিকাই দিয়ক ইয়াৰ পৰা সকলোৰে উপকাৰ হ'ব।

আমি এটা সাধাৰণ উদাহৰণ হিচাপে তলত দিয়া ফটো খনকে চাওঁ আহকচোন।ফটো খনৰ খনত কেইটা ভাল কথা কিন্তু তাত থকা অসমীয়া শব্দৰ বানান কেইটালৈ মন কৰিব।তাটোতকৈ ডাঙৰ কথা সেই ভুল শব্দ কেইটা কেইজন মানে শুদ্ধ বুলি নিজেও তেনেকৈ লিখিছে।লিখনিটোত সমৰ্থন দিছে  তিনিহাজাৰৰ অধিক লোকে,মন্তব্য দিছে পাঁচশৰো অধিক লোকে আৰু প্ৰচাৰ কৰিছে প্ৰায় অৰ্ধশতাধিক লোকে।কিন্তু তাত ভুল শুধৰাই দিয়া মানুহৰ সংখ্যা এজন নে দুজনক হে দেখা  গৈছে।
তাকো দুজন মনৰ শিকনি খিনিও ভুল কৈয়ে শিকাইছে।
আজিকালি বাতৰি কাকতত পঢ়িব পোৱা যায় কিছুমান শিক্ষকৰ ভুল পাঠদানৰ খবৰ।এনেকুৱা ঘটনা আজি কালি স্বভাবিক হৈছে।এনেকৈয়ে যে আমাৰ অসমীয়া ভাষাটো ভুল হৈ গৈ নাথাকিব এই কথা কোনোবাই নুই কৰিব পাৰিব নে...??

আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আমি কি থৈ যাম....??
এই ভুল বোৰ নে কিবা এটা কৰি এই ভুল বোৰ শুদ্ধ কৰিম.....???
ইয়াৰ বিচাৰ কোনে কৰিব....????
আমি অসমীয়া বুলি ক'বলৈ আমি অসমীয়াৰ হকে কি কৰিছোঁ ...??
এই প্ৰশ্ন কেইটা নিজক নিজেই কৰিবচোন এবাৰ আৰু উত্তৰটো কি পালে সেই উত্তৰৰ বিপৰীতে আপুনি কি কৰিছে বুজিব পাৰিব।
দেশৰ হকে ,জাতিটোৰ হকে কৰিব পৰা এনে বহুতো কাম আছে যিবোৰৰ পৰা আমি সদায় আঁতৰি থাকোঁ।
পূৰ্বৰ সংগ্ৰামী  সকলে আমাক চিনাকি দি গ'ল আজি আমি সেই চিনাকী তো আৰু দৃঢ় কৰিবলৈ আমাৰ কৰ্তব্য আমি কৰিব লাগিব।
সকলোৰে ভালৰ হকে অলপ স্বাৰ্থ ত্যাগ কৰিবলৈ চেষ্টা কৰক এইয়াই অনুৰোধ থাকিল।সদায় মনত ৰাখিব আপোনাৰ কাষৰ জনৰ ভাল হ'লে আপোনাৰো ভাল দেশৰো ভাল সকলোৰে ভাল।

বি:দ্ৰ:- ইয়াত কাকো বিশেষ ভাৱে আঙুলিয়া দিয়া নাই।গতিকে কথাখিনিৰ তাৎপৰ্য বুজিব বুলি আশা কৰিলোঁ ।মোৰ কথাখিনিৰ সৈতে আপুনি যদি একমত তেতিয়াহে'লে কথাখিনি শ্বেয়াৰ কৰিব পাৰে।ইয়াৰ পৰা কাৰোবাৰ কিবা ভাল হয় তেতিয়া লিখনিটো সফল হ'ব।

No comments:

Post a Comment