ধনটি শইকীয়া
আবেলিটো শুলে সন্ধ্যাৰ আচলত বহি ভাগৰ মাৰিলে…
আইতাৰ সাধু কথা শুনি মৰমৰ মাইনাই জোনটি বিচাৰে…
জোনৰ পিঠিত উঠি
সেউজীয়াবোৰৰ সুবাস বিচাৰে…
ফেকুঁৰি কান্দে আইতাই নিচুকনি গীত জুৰে
আমাৰে মাইনাই আমনি কৰে…
কলহে কলহে বৰষুণ পৰে…
মলয়াৰ বা-লাগি মাইনাৰ টোপনি ধৰে…
ইকাটি সিকাতি কৰি
চকু মেলি মেলি পিৰিক পাৰাক কৈ চাই…
জোনাকৰ পদুলীত শেৱালী আমোল মোলায়।
আইতাই আজিও কয়…
সপোন শেৱালি ফুল
ফুলি ফুলি ৰয়…
জীৱন পদুলীত শেৱালীৰ সুবাসত চাৰিওকাষে সুগন্ধৰ নিজৰা বয়।।
No comments:
Post a Comment