এমুঠি সপোনৰ সৈতে তাই আহে পৃথিৱীলৈ
✍স্বপ্ননীল শইকীয়া
এজনী ছোৱালী জন্ম হৈ আহিয়েই ঘৰ খন নিজৰ কৰি লয়।সকলোৰে হাঁহিৰ কাৰণ হৈ পৰে।দেউতাকৰ কাৰণে তো ৰাজকুমাৰী যদি আছে একমাত্ৰ তাইহে যেন।বৰ হেঁপাহেৰে ডাঙৰ কৰে।সৰুৰে পৰাই নানা ধৰণৰ সপোন দেখে।সপোনৰ ভাগ আকৌ সকলোৱে পাই।কাৰণ যি সপোন দেখে সকলোৰে সৈতে হে দেখে।এইটোয়ে প্ৰকৃতি ছোৱালীৰ।এনেকৈয়ে সপোনৰ মাজে অলপ অলপ কৈ ডাঙৰ হৈ আহে।সপোন বোৰৰ পুৰণ হোৱাৰ সম্ভাৱনা বোৰ যেতিয়া বৰ প্ৰখৰ হয় তেতিয়াই কিছুমান ৰীতি নীতিয়ে সপোন বোৰ দিঠক হোৱাত বাধা দিয়ে।এনেকৈ ব্যৰ্থ হয় সেই দেউতাকৰ ৰাজকুমাৰী হৈ দেখা সপোন বোৰ ত্যাগ কৰে।আকৌ আহিল নীতি নিয়ম পালনৰ বাবে কৰিবলগীয়া খিনি।যিমান যি হওঁক কৰি যায় যেনেকৈ সম্ভৱ হওঁক।উপায় নাই ছোৱালী হৈ জন্ম লোৱা পিছত সিহঁতৰ নীতি নিয়মৰ মাজেৰেই জীৱন আৰম্ভ হয় ।মুক্ত আকাশৰ সৈতেও সিহঁতে খেলিবলৈ অকলে ওলাই চাব নোৱাৰে কেনিও।কি কৰিব উপায় নাই কেতিয়া ক'ত কোনে বেয়া দৃষ্টি দি ৰাখিছে কোনে জানে..!!থাকে আৰু এনেকৈ নিজকে সান্তনা দি যি যেনেকৈ পাৰে।এনেকৈ লাহে লাহে দায়িত্ব বাঢ়ি গৈ থাকে।দায়িত্ব বোৰ এনেদৰে বাধ্যতামূলক হৈ পৰে সিহঁতৰ বাবে যেন সিহঁত জন্মই সেই বোৰৰ বাবেই।সৰুৰে পাই সেইবোৰ দেখি থাকে বাবেই সহজে মানি লয় সকলো নিশ্চুপ হৈ।বিৰোধ কৰিবলৈ হ'লে হে বদনামৰ সৰগ ভাগি পৰিব তাতকৈ সহি যোৱাই ভাল বুলিয়ে নিমাত হৈ থাকে।
এনেকৈ আহিব এদিন প্ৰেমৰ দিন।ছোৱালী বোৰৰ প্ৰেমৰ অনুভৱ বোৰ বৰ মধুৰ।যেতিয়া সিহঁতে অকলে থাকে নিজৰ সজাই থাকে তেতিয়া হাজাৰ ভাৱনাত বিভোৰ হৈ থাকে।নিজকে নিজে চাই লাজ কৰে।সিহঁতৰ সেই লাজুকী হাঁহিৰ ভাঁজে ভাঁজে ক’ত যে কবিয়ে কবিতা লিখে তাৰ একো সীমা নাই।তথাপিও যেন সেই হাঁহিটিৰ বাবে একোৱে শ্ৰেষ্ঠ নহয় এনেকুৱা হে লাগে।নানান ধৰণৰ সপোনৰ ৰঙ সেই হাঁহিত ফুটি উঠে।
পিছে পৃথিৱীৰ সকলো ছোৱালী ধুনীয়া সকলোৰে বিশেষ কিবা এটা থাকেই।যিটোৰ বাবে তেওঁ জিলিকি থাকে।
সিহঁতে নিজক সদায় প্ৰস্তুত কৰে সেই ৰাজকুমাৰ জনৰ বাবে।
এনেকৈ কোনোবা দিনৰ শুভক্ষণত আহিব কোনোবা এজন।প্ৰথম প্ৰথম ভবা মতেই কৰি গৈ থাকে।এনেকৈ নিজক সিহঁতে সেই জনৰ ওচৰত সম্পূৰ্ণ অনুভৱ কৰি নিজক গতাই দিয়ে।নিজৰ কথা অকণো ভাবিব সময় নোহোৱাৰ দৰেই হৈ যায় কাৰণ তেওঁৰ সকলো ভাল লগা বেয়া লগা বোৰৰ বাবেই ৰাতি দিন এক কৰি দিয়ে।সেইবোৰ কৰি থাকোতে সিহঁতৰ বাকী থকা সপোনৰ কথা পাহৰিয়েই থাকে।মনত থাকিলেও সেইবোৰ জৰুৰী নহয় বুলি পাহৰি পেলাই।এনেকৈ সেই বোৰো ত্যাগ কৰি জীৱনৰ বাটত আগুৱাই যায়।এনেকৈ এদিন নিজক মাতৃ হিচাপে চিনাকি দিব জগতত।তেতিয়া আৰু বেছি দায়িত্ব বাঢ়িব।তেতিয়া নিজৰ কথা অকণো নাভাৱে অকল ঘৰ খনতেই সকলো সময় শেষ হৈ যায়।ইমান ব্যস্ত যে নিজৰ দেহাটোৰ যত্ন ল'বলৈ কে পাহৰি থাকে।নিজে ন'ললে লোৱা মানুহ নাই যে।থাকোতে সকলোৱে আছে কিন্তু তেওঁৰ বাবে হে সকলোৰে হাতত সময়ৰ অভাৱ।আচলতে সকলো নিজৰ নিজৰ লগত ব্যস্ত থাকে বাবেই তেওঁ কাকো একো ক'বও নোৱাৰা হৈ থাকে।এনেকৈ লাহে লাহে শৰীৰ দুৰ্বল হৈ আহে।সময়ৰ সৈতে নিজে নিজে যিমান পাৰে আগুৱাই যায়।কোনোৱে নোসোধে সকলো ব্যস্ত নিজৰ লগতে।তথাপিও আপত্তি নাই একোতেই।পিছে নিজৰ বোৰৰ ওচৰত কিনো আপত্তি কৰিব।এনেকৈ নিজক শেষ কৰি দিয়ে।
এনেকৈ স্ত্ৰীৰ জীৱনকাল শেষ হৈ যায়।
জীৱনৰ সময় বোৰ সদায় আনৰ বাবেহে দি যায়।সময়ৰ বোজা বোৰ মূৰত তুলি লয়।বিষত কোঙা হৈ যায় যদিও মুখত সদায় হাঁহি হে দেখা যায়।সদায় সুখী হোৱাৰ হে প্ৰতিচ্ছবি প্ৰতিফলিত হয়।বিনিময়ত কিবা পালেও নাপালেও একোতে আপত্তি নকৰে।মাত্ৰ দি থাকে যি য'ত যেনেকৈ পাৰে।তাৰ উপৰিও বৰ বৰ ককৰ্থনা বোৰৰ আকৌ তেওঁলোকৰ ভাগত হে বেছি।সমাজৰ নীতি নিয়মৰ কিল,ভুকো বোৰ আছেই।
তেওঁলোকেও বিচাৰে সকলো সুখ।মাত্ৰ দাবী হে নকৰে।ত্যাগ কৰি যোৱা যেন তেওঁলোকৰ হে ধৰ্ম।
তেওঁলোকৰ এই ত্যাগৰ বিনিময়ত যদি আমি বোৰে কিবা দিব পৰা সম্ভব নে বাৰু....??
তেওঁলোকৰ বাবে আমি একো কৰিব নোৱাৰিলেও অন্তঃত তেওঁলোকৰ যত্ন লোৱাত কোনো ধৰণৰ কৃপণতা যেন নহয় তাৰ বাবে আমি নিজেই সতৰ্ক হ'ব লাগিব।
তেওঁলোকৰ সুখ দুখৰ কথা আমি নিজে ভাবিব লাগিব।কাৰণ তেওঁলোকৰ ভাললগা বোৰ কেতিয়াও প্ৰকাশ নকৰে।।তেওঁলোকৰ সৰু সৰু কথা বোৰকে যদি আমি গুৰুত্ব দিওঁ আৰু সেই সৰু সৰু ইচ্চা বোৰ পূৰণ কৰিব পাৰোঁ তাতেই তেওঁলোকে স্বৰ্গৰ সুখ বিচাৰি পায়।
এজনী ছোৱালী এপাহি সুগন্ধি ফুলৰ দৰে।যি সদায় সকলোকে সুগন্ধিৰে ভাল লগাই।সকলোৰে মনৰ বেয়া বোৰ আঁতৰাই ।প্রয়োজন অনুসাৰে এজোপা প্ৰকাণ্ড গছৰ ৰূপত থিয় দিব।সকলোকে তাৰ ছাঁত জিৰাবলৈ দিয়ে।ফলে,ফুলে নদন বদন কৰি তোলে।কাৰণ এওঁলোক প্ৰকৃতি।
"প্ৰকৃতিৰ বাবেই হে পুৰুষৰ অস্তিত্ব আছে"
গতিকে.....
"প্ৰকৃতিৰ যত্ন লোৱাটো পুৰুষৰ প্ৰথম ধৰ্ম" ..

No comments:
Post a Comment