Click

Wednesday, June 7, 2017

তেওঁ মোক সঁচাকৈ ভাল পাই এইয়া হ'ল "বিশ্বাস"
তেওঁৰ লগত ফুৰিব যাব পাৰিম এইয়াও হ'ল "বিশ্বাস"
তেওঁ মিছা কথা কোৱা মানুহ নহয় এইয়াই "বিশ্বাস"

মই কেতিয়াবা কিবা বিপদত পৰিলে তেওঁ মোক উদ্ধাৰ কৰিবই,এইয়া হৈছে "ভৰষা"
জীৱনৰ যিকোনো পৰিস্থিতিতে তেওঁ মোক লগ এৰি নাযায় , এইয়াই "ভৰসা"..
তেওঁ মোক কেতিয়াও মিছা কোৱা নাই আৰু নকয় এইয়াই "ভৰষা"

"বিশ্বাস" আমি কাৰোবাৰ ওপৰত সোনকালে কৰিব পাৰোঁ।আৰু ঠিক তেনেকৈ আমাৰ "বিশ্বাস" সোনকালে ভাগিবও পাৰে। "বিশ্বাস"ৰ কোনো নিৰ্দিষ্টতা নাই…......খন্তেকত সম্ভৱ হোৱা বস্তু খন্তেকত ভাগিবও।

কিন্তু....

"ভৰষা" আমি কাৰোবাৰ ওপৰত "ভৰষা" খুব ভাবি চিন্তি বহুত সময়ৰ অন্তত হে কৰোঁ।"ভৰষা" খন্তেকত সম্ভৱ কেতিয়াও নহয়।
বহুত প্ৰমাণ বিশ্লেষণ কৰিহে কাৰোবাৰ ওপৰত "ভৰষা" কৰাটো সম্ভৱ।

সকলো সম্পৰ্কত "ভৰষা" থাকিব লাগিব।নহ'লে সম্পৰ্ক বেছি দিন নাথাকে।
"ভৰষা" থাকিলে জীৱনত ভয় নাথাকে কিবা হেৰুৱাৰ,কিবা নোপোৱাৰ দুখ নাথাকে।সদায় উৎসাহেৰে জীৱন পাৰ হয়।সদায় হাঁহিবলৈ কিবা নহয় কিবা এটা কাৰণ থাকেই।

সেই বাবে "ভৰষা" য'ত থাকে তেওঁ মৃত্যুৰ পিছতো সদায় বিজয়ী বুলি পৰিচিত হয়।


✍স্বপ্ননীল শইকীয়া

No comments:

Post a Comment