Click

Wednesday, June 7, 2017

খন্তেকৰ অনুভৱ



                                   ✍স্বপ্ননীল শইকীয়া

সেইদিনা ২০/০৪/২০১৭ বৃহস্পতি বাৰ আছিল।মই যোৰহাটৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ ট্ৰেভেলাৰত মোৰ বন্ধু চম্পকৰ ঘৰলৈ বুলি।অকলেই গৈছিলোঁ।মোৰ ওচৰতে আন এটা পৰিয়াল আছিল।লগত এটি কণমানি শিশুও আছিল।শিশুটিৰ দেউতাক মোৰ কাষৰ চিট টোতে বহিছিল।গৰম দিনৰ যাত্ৰা অলপ আমনি দায়ক।গতিকে মন ফূৰ্তিত আছিল যদিও অলপ অশান্ত আছিল।তাতে গৰমৰ বাবে নে কি নাজানো শিশু টেৱেও বৰ আমনি কৰি আছিল যাত্ৰাৰ সময় খিনি।শিশু বোৰৰ কেতিয়া কি হয় সেই কথা ঘপহ কৈ কোনোৱে কোৱা সম্ভৱ নহয়।অনুমান হে কৰিব পাৰি।মাক দেউতাকেও একো কৰি শান্ত কৰিব পৰা নাছিল।এই গৰমত মোৰ কিবা ভাল নলগা হে হৈছিল।খং উঠিছিল মাক দেউতাকৰ ওপৰতে।কিন্তু একো কোৱাৰ যুক্তি নাছিল।কাৰণ শিশুৰ আমনি থকা তো স্বাভাৱিক।সহ্য কৰি আছিলোঁ যিমান পাৰোঁ।যিমান শিশুৰ আমনি বাঢ়িছে সিমানে মোৰ মন অশান্ত হৈছে।বাকী বোৰেও অশান্তি পাইছিল।সকলোৰে দৃষ্টি শিশু তোৰ ওপৰতে আছিল কিয় ইমান কান্দিছে বুলি।মাকক কেইবাজন ব্যক্তিয়ে তাক শান্ত কৰিবলৈ বহুত ধৰণৰ পৰামৰ্শ ও দিয়া মোৰ চকুত পৰিছিল।কিন্তু কোনো শান্ত কৰিব পৰা নাছিল।এইবাৰ শিশু তো দেউতাকে লৈ ল'লে মাকৰ কোলাৰ পৰা।মনতে তেতিয়া ভাবিছোঁ এইবাৰ তো কাষলৈ কে আহিল।এনেই ভাল লগা নাই গৰম খনত তাতে ইমান আমনি।মই নিজকে স্থিৰ কৰিবলৈ বহুতো চেষ্টা কৰিছোঁ।গান শুনিও নিজক শান্ত কৰিব পৰা নাই মই।দেউতাকে নানা ধৰণৰ চেষ্টা কৰিছে তাক অলপ উমলাবলৈ কিন্তু সকলো ব্যৰ্থ।
এনেতে আকৌ মোৰ নো কি মন গ'ল নাজানো তাৰ ফালে ঘূৰি বহিলোঁ।তাক কিবাকৰি ঠাণ্ডা কৰিব পাৰিম বুলিয়ে।এনেতে মই তাৰ ফালে হাত খন আগ বঢ়াই দিলোঁ।
এনেতে কি হ'ল তত ধৰিব কে নোৱাৰিলোঁ।শিশু টোৱে মোৰ আঙুলিটো ধৰি মিচিকিয়াই দিলে।
তৎক্ষণাত এনেকৈ মন সলনি কৰি দিয়া দেখি সকলোৱে আচৰিত হৈছিল।তাৰ স্পৰ্শ পাই মোৰ অশান্ত মন একদম শান্ত হৈ পৰিল।তাৰ মিচিকিয়া হাঁহিয়ে মোৰ মন ভৰিল।
কি নো হ'ল একোকে বুজিব নোৱাৰিলোঁ।শিশুটোৱে কি পালে মই বুজিবলৈ সম্ভৱ নহ'ল একোকে।কিন্তু মোৰ সকলো অশান্তি নিমিষতে নাইকিয়া কৰি মোৰ যাত্ৰা চিৰস্মৰণীয় কৰি তুলিলে।
সঁচাকৈ শিশু বোৰ বৰ আচৰিত।
"ভগৱানৰ অপাৰ মহিমাৰ দৰে শিশুবোৰৰ মহিমাও সম্পূৰ্ণ কৈ বুজিবলৈ কাৰোৰে সম্ভৱ হৈ নুঠে"।
আমি মাত্ৰ অনুমান হে কৰিব পাৰোঁ।শিশুটোৱে সেই ক্ষণৰ পৰা অকণো আমনি নকৰিলে।তাৰ কিৰিলিবোৰে সকলো যাত্ৰীৰ মন মুহিবলৈ সম্ভৱ হৈছিল।
এটা কথাই সেইদিনা বুজিলোঁ যে ....."দেৱ শিশুৰ মহিমা আমি সাধাৰণ মানুহে বুজিব কেতিয়াও নোৱাৰিম।"
সেই সময় খিনি মই কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি দি গ'ল।
সঁচাকৈ জীৱনত কেতিয়া, কোন ক্ষণত কি ঘটিব কোনো নাজানে।

No comments:

Post a Comment