✍ চম্পক গগৈ
"সুন্দৰৰ কোনো পোছাক নাই।
শিল্পীৰ কোনো ঘৰ নাই,
সংস্কৃতিৰ কোনো ভাষা নাই,
মানৱতাইহে সৃষ্টিৰ চাৰিসীমা
নিৰ্ধাৰণ কৰে।"
জীৱৰ ভিতৰতে শ্ৰেষ্ঠ হল মানৱ। পৃথিৱীৰ প্ৰতি চুকে চুকে যুগগ্ৰামী আদৰ্শেৰে মানুহে এক প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে। ইতিহাসৰ পাতে পাতে ই দৃষ্টিগোচৰ হব।
আজিৰ মানৱ সৰ্বগুণসম্পন্ন ,কিন্তু ই জানো সত্য? মানৱে সদায় সজ আদৰ্শ মানি চলে ,কিন্তু ই জানো সঁচা? মানুহে সদায় উচ্চ চিন্তা চর্চাৰে নিজৰ নীতি আদৰ্শ মানি চলে , ই জানো ধ্ৰুৱ? ওহোঁ কেতিয়াও নহয় ,,,,,। কাৰণ মানবেই একমাত্ৰ জীৱ ,যি সমাজৰ বিপৰীতে সকলো কাম কৰে । মানৱেই মানৱৰ বাবে আজি ফেঁটী সাপৰ পোৱালি হৈ ফেপেৰি পাতি উঠিছে। দুৰ্নীতি, লুণ্ঠন ,ধৰ্ষণ, আদিৰ দৰে দুষ্কর্ম বিলাক চোন মানুহেই কৰি আছে,।
সন্ত্ৰাসবাদ আদিৰ দৰে সমস্যা বোৰৰ জন্মদাতা আজিৰ মানৱেই। এনে বিলাকৰ কবলত পৰি কাৰোবাৰ হেৰুৱাইছে শিৰৰ সেন্দুৰ কণ। কাৰোবাৰ হেৰুৱাইছে বুকুৰ পৰা কণমানি দুমহীয়া কেঁচুৱাটি। কোনোবা শাৰীৰিক ভাবে অক্ষম তথা বৃদ্ধ জনৰ হেৰাইছেএকমাত্র সহায়ৰ হাত , তেওঁৰ পুত্ৰ।কিন্তু এনেকৈ মানুহ মাৰি মানুহৰ জয়গান গোৱাটো কিমান সমীচীন।???
কাৰোবাৰ হৃদয়ত লগাকৈ কথা কৈ আনৰ নাটক কৰি নতুবা বেলেগক শলঠেকত পেলাই আমি আমাৰ ব্যক্তিত্ব গঢ়িব নোৱাৰো। বহুলোকে আনক সমালোচনা কৰি আপোন ব্যক্তিত্ব সবল কৰিবৰ চেষ্টা কৰে, কিন্তু এনে ব্যক্তিত্ব পানীৰ বেজীৰ দৰেই অৰ্থহীন।
আদর্শবান হোৱা হে মানৱ, আকাশলঙহী হওক সকলোৰে মনোবল। আদৰ্শ বোৰ যাতে হৈ পৰক পেৰণাদায়ক।
No comments:
Post a Comment