সঘনাই আমনি কৰি থকা দুটামান সৰু আৰু ঠেক মনৰ কথা
চম্পক গগৈ
আমি প্রত্যেক জন ব্যক্তিয়ে এই পৃথিৱীত নিৰ্দিষ্ট কামৰ বাবে জন্ম গ্ৰহণ কৰিছোঁ। ভগৱানে প্রত্যেক জনকে যিকোনো এটা নিৰ্দিষ্ট কামৰ বাবে সমৰ্থবান কৰি পঠিয়াইছে। পৃথিৱীত এজন সুস্থ সবল মানুহৰ যিমান খিনি কৰণীয় আছে, ঠিক তেনেকৈ শাৰীৰিক ভাবে অক্ষম জনৰো সমানেই কৰণীয় আছে। সকলো সমান এই পৃথিৱীত। বিশ্বৰ সবাটোতকৈ ধনী মানুহ জনৰ যিমান অভাৱ আছে, তদ্রুপ দুখীয়া পৰিয়ালৰ এজনৰো সমানেই অভাৱ আছে। যিজনে নিজকে উচ্চ জ্ঞান কৰি আনক তুচ্ছ কৰিবলৈ যায় তেঁওতকৈ অজ্ঞানী আৰু মূৰ্খলোক হয়তো দ্বিতীয় জন নোলাব।
জীৱশ্ৰেষ্ঠ হিচাপে আমি প্রত্যেকেই জীৱনৰ প্ৰতিটো সৰু বৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত। কিয়নো আমাৰ বিশ্বখন এখন পুথিহে, যাৰ ৰচক হল ভগবান, আল্লাহ। এই পুথি সাধাৰণ কিতাপত থকা আখৰেৰে লিখিত নহয়; !এই পুথি হল যাক কেৱল মানুহৰ সুক্ষ্ম চিন্তাধাৰাৰ দ্বাৰা অধ্যয়ন কৰিব পাৰি।
সমাজৰ প্ৰত্যেক জন লোক শিক্ষিত হোৱাটো বাঞ্চনীয়। সেই শিক্ষাই কেৱল এটা জীৱিকাৰ পথ বাছি লবলৈ শিকালেই নহব,, আমি কিদৰে জীয়াই থকা উচিত , তাৰ বিষয়েইও শিকাব লাগিব । আমি উচ্চ শিক্ষিত হৈ কেৱল নিজৰ কথা ভাবিলেই জানো হব? যদি সমাজৰ উন্নতিৰ কথা এবাৰলৈও নাভাবো,,,, তেতিয়া সেই শিক্ষাৰ কোনো মূল্য নাই।
প্ৰথমে আমি নিজক ভাল পাবলৈ শিকোচোন , পিছত সমাজখনক আৰু লগতে নিজকে অসমীয়া বুলি কবলৈ গৌৰৱবোধ কৰিব লাগিব ।
যদিহে আমি নানান জাতি উপজাতিৰে ভৰপূৰ অসম খনক জাতিগত ভাবে বিভক্ত কৰিবলৈ যাওঁ, তেতিয়া হয়তো এদিন পৃথিৱীৰ পৰা অসমীয়া নামৰ জাতি এটাৰ অস্তিত্ব বিশ্বৰ বুকুৰ পৰা লুপ্ত পাব সেইয়া ধুৰূপ।
সকলো জাতি ধৰ্ম নিৰ্বিশেষে যদি ,, নিজকে অসমীয়া বুলি ভাবি আগবাঢ়ি যাওঁ ,, তেতিয়া নিশ্চয় অসমীয়া ভাষাটোক , দেশ খনক একত্ৰিত কৰি ৰাখিব পাৰিম । এয়া কেৱল উঠি অহা আমাৰ যুৱ প্ৰজন্মৰে দায়িত্ব। আমাৰ উপৰিপুৰুষ সকলে ইয়াৰ বাবে বহত কৰি থৈ গৈছে,,,।
আমি প্ৰতেকেই যদি এনেদৰে নিজে নিজকে আগবঢ়াই নিব পাৰো তেতিয়া নিশ্চয়,,,, মৃত্যুৰ ১০ চেকেণ্ডৰ আগত কবলৈ সক্ষম হম,,,,,
" (যুৱ প্ৰজন্মৰ ভাষাৰে)) -- কি চালিয়া জীৱন কটালোঁ, সমাজৰ বাবে কি গুলি কাম কৰি আহিলোঁ, মোৰ জীৱন ধৈন্য"!
জয় আই অসম ,

No comments:
Post a Comment