কিমাননো সদায় প্ৰেম প্ৰেম , হাঁহি , হাঁহি কৰি থাকিম কেতিয়াবা কান্দোনকো প্ৰধান্য দি চাব লাগে।
হাঁহি আৰু কান্দোনৰ সমষ্টিয়ে হৈছে জীৱন। কান্দোনক পৰিহত কৰি কেৱল হাঁহিৰে জীৱন সজাব নোৱাৰি। তেতিয়া জীৱনৰ প্ৰকৃত মাদকতা উপভোগ কৰাৰ পৰা আপুনি বঞ্চিত হব। হাঁহি যদি জীৱনৰ মহৌষধ, তেন্তে কান্দোন হল জীৱনৰ সঞ্জীৱনী।
যিদৰে এটা প্ৰাণখোলা হাঁহি স্বাস্থ্যৰ কাৰণে লাভজনক,ঠিক তেনেকৈ কান্দোন ও ৰোগ নিৰাময়ৰ উত্তম পন্থা।কান্দোন কেৱল দুখানুভূতি প্ৰকাশৰ মাধ্যমেই নহয় ,ই আনন্দৰ সুখানুভূতিৰ বহি:প্ৰকাশৰ এটা অন্যতম মাধ্যম।
অশ্ৰুৱে আমাক বেদনা , ক্লেশ, চিন্তা আদিৰ পৰা মুক্তি দিয়ে। হঠাতে হোৱা মানসিক আঘাত সহন কৰাত ই সহায় কৰে।
এনে এটা অৱস্থা লৈ মনত পেলাওকচোন ,যেতিয়া কোনোবাজনে আনন্দৰ মুহূৰ্তত হাঁহিবও নোৱাৰে ,অথবা দুখৰ সময়ত কান্দিবও নোৱাৰে । তেনে ব্যক্তিৰ মানসিক অৱস্থা অতি ভয়ানক হৈ পৰাৰ সম্ভাৱনা থাকে। কান্দিলে মনত যি সুখানুভূতিৰ সঞ্চাৰ হয়, সি কেৱল ভুক্তভোগী জনেহে অনুভৱ কৰিব পাৰে।
সততে কোৱা হয় যে পুৰুষে কান্দিব নাপাই, পুৰুষে কন্দাটো দুৰ্বলতা আৰু কাপুৰুষালিৰ হে চিন মাত্ৰ। কিন্তু প্ৰকৃততে সেয়া নহয়।
কান্দোন এক প্ৰাকৃতিক উপলব্ধি:; ইয়াক উপেক্ষা কৰিলে মনুষ্যই মানসিক সুখ লভিব নোৱাৰে। গতিকে আপুনি যদি পুৰুষ তেন্তে মনৰ বেথা বেদনাক উটুৱাই দিয়ক চকুৰ বানেৰে।
চকু পানীয়ে কেতিয়াও আপোনাক ক্ষতি নকৰে বৰঞ্চ আপোনাৰ কল্যাণ হে কৰে। এক কথাত বেদনাৰ পৰা নিসৃত অশ্ৰুৰ তৰলতাই অন্ত:মনৰ বিষন্নতাক শান্ত কৰি জীৱনক অধিক গতিশীল কৰি তোলে।
দুচকুয়েদি বাগৰি অহা অশ্ৰুৰ প্লাৱনে যদি আমাৰ জীৱনৰ বিষাদ খিনি ধুই নিকা কৰি দিব পাৰে , তেতিয়া সেই অশ্ৰুৰ নিজৰা বোৱাই দিয়াত আপত্তি কিহৰ??????
আপোনালোকে কি কয়)????
@চম্পক
No comments:
Post a Comment