Click

Wednesday, June 7, 2017

তুমিয়েই নিকি সেই আকাশৰ পৰী জনী

তুমিয়েই নিকি সেই আকাশৰ পৰী জনী

                                         ✍স্বপ্ননীল শইকীয়া

আগতে মই সদায় বেলিটি ডুবালৈ বাট চাই থাকোঁ।কিয়নো বেলি ডুবিলে হে নিশাৰ আকাশৰ তৰা বোৰ চাব পাৰিম।
সৰুৰে পৰা ককা আইতাৰ সাধুকথা বোৰত শুনিছিলো যে তৰা বোৰত পৰী থাকে।আইতাই কৈছিল সদায় আকাশৰ পৰা বহুতো তৰা আহি পৃথিৱীত পৰে।সেইবোৰ সকলোৱেই হেনো একো একোজনী পৰী থাকে।
তেতিয়া মই সুধিলোঁ মইও পামনে লগ সেই পৰী বোৰক।তেতিয়া আইতাই কৈছিল ...."পাবা ...পাবা ,ভগৱানে সকলোৰে বাৱে একো একোজনী পৰী থৈ দিছে।যেতিয়া তোমাৰ প্ৰয়োজন হৈছে বুলি গম পাব তেতিয়া ভগৱানে তোমাৰ ওচৰলৈ তোমাৰ পৰী জনীক পঠিয়াই দিব।তুমি তেতিয়াই তোমাৰ পৰী জনীক লগ পাবা"।

আইতাৰ এই কথা শুনি দৌৰি আহি আকাশৰ ফালে চাই থাকিলোঁ বহুত দেৰি কিজানি কোনোবা তৰা সৰি পৰা দেখিবলৈ পাওঁ ....!!!কিন্তু সেইদিনা নেদেখিলোঁ একোৱেই।
মনত বহুতো প্ৰশ্নই উখল মাখল কৰি আছে।এনেকেই দিন পাৰ হৈ যায়।
কেতিয়া  সেই সময় আহিব..??
কেনেকৈ লগ পাম...??
কেনেকুৱা হ'ব পৰী জনী বাৰু......??
এতিয়া কিয় অহা নাই নামি...??
মাজে মাজে তো ভগৱানে পাহৰিলে বুলিয়েই ভাবি পেলাওঁ।ভগৱানলৈ খং উঠে।ইমান দিন কৰিছে কিয় বুলি।
ভগৱানক প্ৰাৰ্থনাৰ শেষত সদায় আশীৰ্বাদ বিচাৰোঁতে লগতে পৰী জনী সোনকালে পঠিয়াবা বুলি ক'বলৈ কেতিয়াও নাপাহৰোঁ।
এনেকৈ দিন বাগৰি যায় মইও সদায় আকাশৰ দিশে চাই থাকোঁ।সদায় তৰা বোৰত মোৰ পৰী জনীৰ আকৃতি বিচাৰোঁ।নানান ধৰণে নানান ছবি বিচাৰি পাওঁ।
গাড়ী ,মটৰ কে ধৰি নানা ধৰণৰ জীৱ জন্তু সকলোকে আঁকো।কিন্তু কেতিয়াও পৰী জনীৰ ছবি বিচাৰি নাপাওঁ।
মনটো বেয়া লাগি যায় মোৰ সদায় নিৰাশ হওঁ।
তথাপিও যে মই হতাশ নহওঁ কেতিয়াও।
এনেকৈ এদিন আকাশত ছবি বিচাৰি থাকোতে হঠাতে কোনোবাই হাঁহি থকা দৰে লাগিল।একদম ধুনীয়া কৈ হাঁহি থকা দেখিছোঁ।এবাৰেই দেখিলোঁ। সেইদিনা নিশা আৰু দেখা নাপালোঁ।দিনটো সেই হাঁহিটোৱে মনতোক  বাৰে বাৰে আমনি কৰি আছে।মই হাঁহিটো যিমান পাৰোঁ দিনটো দেখা মানুহ বোৰৰ সৈতে মিলাই চাওঁ অকণো নিমিলে।যেনে তেনে নিশা লৈকে বাট চালো।সদায় চোৱাৰ দৰে সেইদিনাও বৰ হেঁপাহেৰে  চাইছোঁ সেই সুদূৰ দূৰৈত থকা তৰা বোৰলৈ।
চাই আছে একেৰাহে.....
এনেকৈ মাজতে আকৌ দেখিলো মিচিকিয়াই হাঁহি মাৰি দিয়া সেই মুখনি....... কিন্তু ছবি সম্পূৰ্ণ স্পষ্ট নাছিল।তথাপিও বিশেষ আছিল।যিটোৱে মোৰ মন ভৰি পৰিছিল।

এনেকৈয়ে সেই হাঁহি তো চাই বহুত দিন পাৰ কৰিলোঁ।
কিন্তু মাজে মাজে বৰ দুখ লাগে।সময় বোৰ নাযায় নোপোৱাই যেন লাগে।যেতিয়া বতৰ বেয়া থাকে আকাশ মেঘাচ্ছন্ন হৈ থাকে।কিন্তু উপায় নাইকিয়া হৈ ভাৱনাতে বুৰ যাওঁ।সপোনতে নীলা আকাশত ফুৰিবলৈ যাওঁ।বাগৰি ফুৰোঁ সেই সৰু সৰু ডাৱৰৰ টুকুৰা বোৰৰ সৈতে।মনত মাথোঁ সেই হাঁহিটো।

সময়ৰ সৈতে মানুহৰ মন সলনি হোৱাৰ দৰেই মইও ডাঙৰ হৈ আহিলোঁ।লাহে লাহে চিন্তা ভাৱনা দৃষ্টিকোণ সলনি হ'ল।ব্যস্তৰ মাজেৰে দিন পাৰ হয়।নিশা খুব কম সময় হে আজৰি পাওঁ।ভাগৰে হেঁচা মাৰি ধৰে বাবে যদিও কেতিয়াবা সুবিধা পালেই মই সেই আকাশৰ ফালে চাওঁ।নিশাৰ সেই তৰাটিৰ হাঁহি কিজানি মই আকৌ দেখিবলৈ পাওঁ।
অৱশ্যে সৰুৰে পৰা কিছুমান কাম আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।সেইবোৰ আমাৰ অভ্যাস হৈ পৰে।সময়ৰ সৈতে সলনি হলেও সেই অভ্যাস বোৰ কেতিয়াও এৰাই নাযায়।মোৰো ঠিক একেই হৈছিল।সুধিবা চাই আকাশৰ দিশে চাই পঠিয়াও।কিবা বিশেষ শক্তিয়ে মোক যেন মাতে।হাঁহিটিৰ বৰ্ণনা কৰিবলৈ শব্দৰে অসম্ভৱ যেন হৈ পৰে।
মোৰ ভাল লগা সেই হাঁহিটিয়েও যেন কৈ থাকে........."মই ৰৈ আছোঁ তোমাৰ বাবেই"।
বাট চাওঁ আজিও সেই সময়ৰ বাবে।যেতিয়া মই মোৰ ভালপোৱাক ল'গ পাম।

কেতিয়া নো লগ পাম সেই হাঁহিৰ গৰাকী জনী।সেইজনীয়ে চাগে আইতাই সৰুতে কোৱা মোৰ সেই আকাশৰ পৰী জনী।
মই কিন্তু লগ পালেই প্ৰথমে সুধিম......."তুমিয়েই নিকি আকাশৰ পৰা অহা পৰীজনী.....!!!"....................

-------------------@সমাপ্ত@------------------------

(এক কাল্পনিক ভাবনুবাদ)

No comments:

Post a Comment