মানুহবোৰৰ বৰ বেয়া স্বভাৱ এটা আছে।আমি যেতিয়া লৈকে নিজে দুখ নাপাওঁ তেতিয়ালৈকে আমি আনক দিয়া দুখ বোৰ বুজিবলৈ সম্ভৱে নহয়।
যেতিয়া লৈকে আমাৰ একো নাথাকে তেতিয়া লৈকে আমাৰ সৈতে থকা সকলো মানুহেই ভাল লাগে।আমাক সকলো কথাতে প্ৰেৰণা দিয়ে,সহায় কৰে যি যেনেকৈ সম্ভৱ হয় সকলো বোৰেই কৰে।
যেতিয়া আমি উন্নতি শিখৰ পাওঁগৈ তেতিয়া আমি বহুতো নতুন লোক লগ পাওঁ।ভাল লাগে সকলোকে যেন সেই সকল আপোন।এনেকৈ আমি আমাৰ আগৰ আপোন খিনিৰ প্ৰয়োজন নোহোৱাৰ দৰেই হৈ পৰে।সৰু সৰু কথাত লাগি আমি আতৰি দিওঁ সেই পুৰণি আপোন মানুহ বোৰৰ পৰা।
এবাৰো ভাৱি নাচাও যে সেই সকলৰ বাবেই আজি আমি এনেকুৱা এটা স্থানত থিয় হ'বলৈ পাৰিছোঁ।স্বাৰ্থই আমাক অন্ধ কৰি দিয়ে।বিবেকহীন কৰি তোলে।সেয়ে এনে হয়।কিমান যে আঘাত পাই সেই পুৰণি আপোন সকলে তাৰ সীমা নাথাকে।
আমাৰ উন্নতি দেখি আমাৰ সৈতে থকা সকল এদিন আমাৰ বেয়া অৱস্থা দেখিলেই আঁতৰি দিব।সেই কথা আমি ভাৱিবলৈ সম্ভৱ হৈ নুঠে।
কিন্তু সেই পুৰণি আপোন বোৰ সদায় থাকিব।কাৰণ তেওঁলোকে আমাৰ একো নাথাকোঁতেও লগতেই আছিল আৰু সদায় থাকিব।
আমি সদায় মনত ৰখা উচিত যে.......…
"আমি উন্নতি কৰিবলৈ যিমানেই কষ্ট কৰোঁ যদিও আমাৰ সেই উন্নতিৰ হকে বহুতো লোকে কষ্ট কৰে।সেই সকলক কেতিয়াও আমি পাহৰি যোৱা উচিত নহয়।"
✍স্বপ্ননীল শইকীয়া

No comments:
Post a Comment