Click

Wednesday, June 7, 2017

ভুল নুবুজিবা...


কথা পাতিছিলো সেইদিনা। ফোনত।
খুব কম সময়। আৰু কথা পাতিবলৈ মন
আছিল। নোৱাৰিলে তাই। সময় নাই।
বিয়া ঠিক হোৱাৰ দিনাৰ পাছৰে পৰা
তাইলৈ ফোন নকৰা হলো। নাই, অশান্তি
দিয়াৰ মানসিক অৱস্থা মোৰ নাই। তাই
কেৱল সুখত থাকক সেইয়াই মই বিচাৰো।
সদায়েই বিচাৰো মই।
তাইক চাবলৈ অহাৰ দিনাই মোক আগত
হুকহুকাই কান্দিছিল। বেকাৰ ল'ৰা, কিদৰে
সান্তনা দিওঁ। পৰা হলে উঠাই লৈ
আনিলোহেতেন নিজৰ ঘৰলৈ। কি খুৱাম
পিছে। ঘৰতেই খাবলৈ নাই। তাইক মই
সপোন দেখুৱাইছোঁ, সুখতেই ৰাখিব
লাগিব। নাই, বেকাৰ ল'ৰাৰ প্ৰেমেই মিছা।
"...ডাক্তৰ, ইঞ্জিনীয়াৰবোৰেই আমাৰ
একমাত্ৰ শত্ৰু।"
খুব সুখেৰে তাইক আঁতৰি যাবলৈ এৰি দিয়া
নাই। আঁতৰি অহা নাই। কেনেকৈ আছো,
তাইক বতৰা দিয়া নাই।
সেয়ে খুব ভালকৈয়ে থকাৰ অভিনয়
কৰিছিলো সেইদিনা ফোনত। তাই ধৰা
পেলাই হয়তো চিত্কাৰ কৰি উঠিছিল।
"কিয় হাঁহিছ ইমান... খুব সুখী নে তই..."
"ওঁ... মোৰতো ভালেই, বেয়া নেকি
তোৰ...?"
তাই ভাবক, মই অভিনয় কৰিয়েই ঠগিলো
তাইক।
     .........ৰাহুল দাস

No comments:

Post a Comment