Click

Wednesday, June 7, 2017

বন্ধুত্ব


লাহে লাহে বাঢ়িব ব্ন্ধুত্ব
বুকুৰ নিভাজ কথাবোৰেৰে
আমি শিকিম
জীয়াই থকাৰ অনাবিল
অৰ্থবোৰ ...|
কোমল বৰষা আৰু বসন্তৰ
গজালি মেলা পাতবোৰৰ
দৰে ,
সতেজ সেউজীয়া প্ৰকৃতিৰ
দৰে
হৈ যাব আমাৰ সন্বন্ধ ...|
যদিও আমি কোনেও কাকো
দেখা নাই ,
তুমি মোক আৰু মই তোমাক |
নেদেখাকৈ জানিব
পাৰিছো কিছু
অনুভৱ ,
মৰমৰ মায়াজালত বন্দী
জীৱনৰ বৰ্ণময় ৰুপবোৰ ,
গোলাপৰ দৰে কোমল
নিস্পাপ শিশুৰ হাহিৰ দৰে
এই আন্তৰিক সম্পৰ্ক আমাৰ |
নিস্বাৰ্থতাৰে সাজি
গৈছো
এই সন্বন্ধ আমাৰ ,
যাক নাম দিছো বন্ধুত্ব ||
             ,,,,, ৰাহুল দাস

No comments:

Post a Comment