Click

Tuesday, May 16, 2017

অজান যাত্ৰা



আতৰি আহিছো আজি বহু দূৰলৈ
নাজানো মোৰ গন্তব্য স্থান কি?
আগবাঢ়ীব লৈছো মাথো সন্মুখৰ ফালে
সন্মূখত দূটি পথ
এটি মৃত্যুৰ আনটি দুখ বেদনাৰ এটি নীসংগতাৰ জীবন
অন্তৰৰ সকলো মমতা এৰি আজি
যাব ওলালো এখন অজান দেশলৈ
এৰি আহিছো মোৰ মৰমৰ ঘৰখন
আৰু মোৰ কনমানি দূৰ্ভগীয়া মাইনাজনী
নাজানো এইয়া মই কৰিছো কি
কিহৰ বাবে মই  আজি কান্দিছো
আৰু মাত্ৰ বিশ মিনিটৰ পাছত
এৰি যাম মোৰ জন্মস্থান,এৰিযাম মোৰ
আপোন ঘৰখন আৰু মোৰ কলিজাৰ টুকুৰাটো
নাজানো আকৌ ওভতি আহিব পাৰিম নে নাই
আশা কৰো সকলো সুখেৰে থাকক
বিদায়  ,
বিদায় মোৰ আপোন মানুহ
   বিদায় মোৰ জন্মস্থান,বিদায় মোৰ কলিজাৰ টুকুৰা
               🙏🏻🙏🏻ক্ষমা কৰিবা মোক

চুমু

No comments:

Post a Comment