Click

Tuesday, May 16, 2017

অনুভৱৰ কবিতা……


  🖊ধনটি শইকীয়া

সিদিনা খহি পৰিল এটি কথা কবিতা…
অনুভৱৰ পাৰ নিগৰি
সমাজৰ চকুত তুলপাৰ সৃষ্টি কৰিলে।
ই কবিতা নে গল্প…?
প্ৰবন্ধ নে ঔপন্যাসৰ
চঞ্চলা পথাৰ…
কত কবিয়ে নাঙলেৰে মাটি চহাই,,,
আশা ৰ কঠিয়া সিচে…
বীজ বোৰ ধাৰ কৰে
কয় কোনোবা কবিৰ কাননৰ বোলে উচ্ছ জাতৰ বীজ ।
সোনকালেই সোনগুটি লাগে…
থোপাথুপে কবিতা লাগে…
খেতি ইমান ভাল হয় !

মৰণা মাৰে পঢ়ুৱৈ সমাজে,
 ইমান জটিল…
সি নসৰেহে নসৰে…।
প্ৰেমৰ ঠোক বোৰ সোনকালে সৰে ।
ইবোলে অলপ ৰ'দতে পচি যায়।,
বাকীবোৰ ঢেৰুৱাঠাৰিৰ দৰে সিজালেও নিসিজে।
কোনোবাই কয়……
ই বোলে মনৰ কিছুমান যান্ত্ৰনা ।
যেতিয়াই মনত বহু বেদনাই খোন্দা মাৰে
বৰষুণ আহে আৰু কবিতাৰ পথাৰ জীপাল কৰি তোলে…।
মৃদু স্বৰে ভাঁহি আহে কবিতাৰ ৰাগী
অচিনা সুৰত ই যেন বিষাদ কবিৰ কবিতাৰ বাঁহী ।

বাজে নিতে নতুন সুৰত এটি এটি কবিতা
নতুন তানত ইযেন…গান নহয় সংমিশ্ৰণৰ এটি
মহাৰণ।
কোনোবাৰ সবল দাবীত
সি চিৰ অনুদাতা।

No comments:

Post a Comment