Click

Monday, January 9, 2017

তুমি আৰু মই (তিনি


          -সমুজ্জ্বল
--------------
মাংস আৰু ৰুটি,
ভকত আৰু ধূতি।
তুমি আৰু মই যেন
ম'হ আৰু খুঁটি।।

কলগছ আৰু হাতী,
বৰষুণ আৰু ছাতি।
তুমি আৰু মই যেন
বিছনা আৰু পাটী।।

ভৰি আৰু ছেণ্ডেল,
বিয়া আৰু পেণ্ডেল।
তুমি আৰু মই যেন
দমকল আৰু হেণ্ডেল।।

No comments:

Post a Comment