অ পেহী,
তুমিটো আছিলা পিতাই ল'ৰালিৰ লগৰী
তুমিটো জানাই পিতাইৰ ৰং আৰু খংৰ বৰণ
তুমিটো জানাই হাললৈ গলে কিমান ভাগৰ লাগে পিতাইৰ আৰু কিমান আনন্দ পায়
তুমিটো জানাই মলীয়ন চুৰীয়া পিন্ধিও ৰং কৰিব পাৰে তেঁও
তুমিটো জানাই পেহী.......
কবানে পেহী তুমি
আজি কিয় নিশা উচুপি উচুপি কান্দে পিতাই
আজি কিয় গোহালিলৈ নাযায় পিতাই
হাল.. উস সেয়া যে অতীত
একো নাজানা পেহী, তুমি একো নাজানা
তোমাৰ বিয়াতে হনে বৰ বিহ খালে পিতাইয়ে
পেহী অ, পেহাৰ ঘৰে আৰু সমাজৰ এচামে
পিতাই হাতত দিছিল এপিয়লা বৰ বিহ
পিয়ালৰ কাষতে আছিল বৰবিহৰ টেমা
চাবা নেকি সেই টেমাটো..
এতিয়াও জিলিকি আছে ...
অ পেহী , নাম তাৰ যৌতুক..
কাকা
No comments:
Post a Comment