Click

Monday, January 2, 2017

নিয়তিৰ কৰুন বিননি ✍(এটি ছুটিগল্প)



সন্ধিয়া সময়ত এন্ধাৰে আৱৰি ধৰিছে ল'ৰাটো ৱে এটা কেচাঁআলিৰ মাজেৰে গৈ আছে।চাৰিওফালে গছ- গছনি মানুহৰ কোনো সমাগম নাই,মৌন সময় আৰু পক্ষীৰ গুনগুননি এক গহীনতাৰে খোজকাঢ়ি গৈ আছে মনত কোনো ভয় আৰু শংকা নাই,,মাথো দৃঢ়তাৰে সম গতিত গৈ আছে। মাজতে থমকি ৰ'ল আৰু পেন্টৰ পকেটত হাতভৰাই পেকেটতোৰ পৰা ছিগাৰেত এটা উলিয়াই জ্বলালে অলপ সময় ৰ'ল ছিগাৰেত টো হুপি শেষ নোহোৱালৈকে।অলপ আগুৱাই গৈ এটা ওখ ঢিপ পালে,ছিগাৰেতটো পেলাই,,,আঠূকাঢ়ি ল'ৰাটোৱে বহুত সময় মুৰত হাতথৈ বহি থাকিল।এবাৰ ভগ্ন কন্ঠত ছিঞৰি উঠিল ।সেই শব্দ অস্পষ্ট শোকে জৰ্জৰিত ভগ্ন কলিজাৰ শব্দ ।শব্দটো হ'ল তইমোক এৰি কিয় গুচি গ'লি,,মইনো তোক,,,,,,কি ,,,কৰা নাছিলো অ'।

ল'ৰাটোৱে সৰুটেই,,,বাপেকক হেৰুৱালে এটা কাৰ দুৰ্ঘটনাত সাত বছৰ হওঁতেই বাপেকৰ মৃত্যু ঘটে।মাকেই  ডাঙৰ দীঘল কৰিলে ল'ৰাটোক আৰু এজনী ছোৱালীক।সি ভনীয়েকক বহুত মৰম কৰিছিল,প্ৰতিটো মুহুৰ্ততে ভনিয়েকৰ ওপৰত চকু ৰাখিছিল।ভনীয়েক দিনক দিনে ডাঙৰ হৈ আহিল আৰু সমাজৰ চকুত লগা হৈ পৰিল।দেখাত বৰ ধুনীয়া আছিল তাই। মাকে যেনেতেনে সিহঁতক পঢুৱাৰ খৰচ জোগাৰ কৰি দিছিল।
কিন্তু সি মেট্ৰিক পাছ কৰাৰ পাছত পঢ়া বাদ,,দিলে আৰু এটা গাড়ীৰ গেৰেজত কাম কৰি সেই পইচাৰে ঘৰখন চলাৱ ধৰিলে মাকেও কাম কৰিব নোৱাৰা হ'ল ।স্বামীৰ শোকত ভাঙি পৰিল মানসিক ভাৱে দুৰ্বল হৈ পৰিল আৰু শাৰিৰীক ভাৰসাম্যতা হেৰুৱাই পেলালে কম বয়সতে।সেইবাৱে ল'ৰাটোৱে ঘৰৰ সকলো দায়িত্ব পালন কৰিব লগা হ'ল।
সৰু বয়সতে সংগ্ৰাম কৰিব লগা হ'ল সমাজৰ লগত মিলিযাৱলৈ।মৰমৰ ভনিয়েক জনী গাভৰু হৈ আহিল সেই কথাই তাক আমনি কৰিব ধৰিলে আৰু বেচি সময় কাম কৰি পইচা গোটাব ধৰিলে।সদাই ভনিয়েকক স্কুলত থৈ নিজৰ কামলৈ যায় এনেকৈ সি পৰিয়ালটি চলাইযাৱলৈ ধৰিলে।
নিয়তিৰ কিযে কৰুন বিননী কোনে বুজিৱ ।এদিন সন্ধিয়া ঘৰলৈ আহি থাকোতে কেচাঁআলিৰ মাজতে এক কৰুন বিননী শুনিৱ পালে সি ভয়ে ভয়ে সেই শব্দটো মন কৰিব ধৰিলে।সি শুনিলে এজনী ছোৱালীৰ বিননী ওচৰত গৈ দেখে মৰমৰ ভনীয়েক জনী
শৰীৰত গোটেই তেজৰ চেকুঁৰা কাপোৰ বোৰ ফটা -চিটা মাথাৰ পৰা বহুত তেজ উলাৱ ধৰিছে।তাইক'বলৈ ধৰিছে ককায়েকক কিবাকিবি ,কিন্তু সকলো অস্পষ্ট এনেদৰে বহুত সময় সি নিথৰ হৈ থাকিল মুৰত হাত থৈ      ছিঞৰিৱলৈ ধৰিলে কিন্তু কোনে শুনিৱ তাৰ বিননী । সি বুজি পাইছিল যে তাৰ ভনিয়েকক এক দুৰ্বিত্ত দলে ধৰ্ষণ কাৰ্য চলাই সেই হাবিৰ মাজত পেলাই থৈ গ'ল।ভনিয়েকক কেঁকোজেকুকৈ কোচঁত তুলি ঘৰলৈ আহিৱ ধৰিলে।আৰু আধাবাটতেই মৰমৰ ভনিয়েকে প্ৰাণ বিষৰ্জন দিলে।মৰমৰ ভনিয়েকৰ মৰাশটো থৈ প্ৰলাপ বকিৱ ধৰিলে । হেৰুৱাই পেলালে নিজৰ স্মৃতি ,সেইদিনাৰ পৰাই পাগলৰ দৰে
হৈ পৰিল সি আৰু জীৱনৰ দিশ বিদিশ হেৰুৱাই পেলালে ।
কিন্তু আজিও সি সন্ধিয়া সেই ভনিয়েকৰ মৰিশালী ওচৰত গৈ কান্দিৱলৈ পাহৰা নাই তাৰ সংগী মাঠো আনে পেলাই দিয়া চিগাৰেটৰ টুকুৰা।

🖊ধনটি শইকীয়া

No comments:

Post a Comment