ৰাহুল দাস
তুমি মোৰ ৰং চাইছিলা নেকি?
যেতিয়া কলিজা শুকাই যায়
তেতিয়া
প্ৰাতঃভ্ৰমনৰ মুক্ত বতাহেওঁ কঢ়িয়াই
দুখৰ বৰ্তমান!
বুকুত উচুপনিৰ পৰশ বিচাৰে
এবুকু বিশ্বাসঘতকতাৰ আঁচোৰে
তুমি সিচি দিয়া।
মোৰ বুকুৰ অভিমানী নিৰলাত
আৰু
সময়ৰ বালিচৰত ৰৈ যায়
মোৰ হেঁপাহৰ অবগুণ্ঠন।
জীপাল কৰে
অতীতৰ চানেকি
আৰু
তোমাৰ ধাৰণাই । যদি
তোমাকে বেঢ়ি ধৰে অজানিতে
তেতিয়া হয়টো।
তোমাৰ আত্মবিশ্বাস বোৰ থুনুকা হয়
হেৰাই যায় অভিমান।
তোমাৰ বুকুৰ পৰা
সময়ৰ বালিচৰত
হয়টো এই সময়
তোমাৰ বাবে
অসময়।
দুঃসময়
নিষ্টুৰ সময়
যি সময়ত আহিলোঁ মই।
এমুঠি দিঠক সিচা
তোমাৰ সেই কাজল সনা দুচকু
যি মোৰ ডায়েৰীৰ পৃষ্ঠা
সজীব কৰি ৰাখিছিল।
এতিয়া সেই
মোৰ বাবে
এটি এটি
বিশ্বাসহীনতাৰ গজল।
ইয়াকে কয় নেকি বাৰু
তোমাৰ লাইফ-ষ্টাইলৰ প্ৰয়োজনীয়তা ??
মই বাত চাওঁ
ভগৱানে নুবুজা ৰহস্য।
মইনো ভেদ কৰিম কেনেকৈ
তথাপিয়ো আশা কৰোঁ
এধানি জোনাক
জীয়াই থকাৰ ৰং বোৰ...........।
No comments:
Post a Comment