Click

Thursday, January 12, 2017

আজি ,শীতৰ এই সন্ধিয়া.....

আজি ,শীতৰ এই সন্ধিয়া
টুলিকাডাল টুলি লৈছো হাতত
আঁকো বুলি
বুকুৰ কেনভাচত
ধুঁৱলী কুঁৱলী তোমাৰ সেই চবি


নাহৰৰ শাৰীটো
সেন্দূৰীয়া বাটটো
ৰুপুৱালী নৈখন
ঔতলিয়া নৈ ঘাটটো
হেদাঙৰ দুৱৰীডৰা
মছুৱৈৰ টুলুঙা নাওঁখন

সকলো আঁকা হল
অথচ তুমি কিয় দেখা দিয়া নাই
বিৰিণাডৰাৰ হতে নাচি নাচি
সালধীয়া আচল উৰুৱাই
লাজ কৰিছা নেকি ?
উঠন বুকুৰ ভৰ যৌৱনা 
মিচিং গাভৰুজনী
মই যে ব্যাকুল হৈ পৰিছো জানা?
তোমাৰ বনৰীয়া ফুলৰ সুৱাস লগা
সুকুমল দেহত
দেহৰ প্ৰতিটো ভাজত
তুলিকাৰ ৰঙেৰে
প্ৰান দিবলৈ

গুচি আহা
লাজ কিম্বা অভিমানৰ 
থেঁহ এৰি
এৰি দিয়া তোমাৰ সুকুমল দেহা
পছোৱাৰ হতে উৰক আচল
নিগৰক ওঁঠেদি তোমাৰ
ঐনিতমৰ বুকুভগা সুৰ
সেইবোৰতে মই প্ৰাণ দিম
ৰং তুলিকাৰে…………………




নিবিড় অনুৰাগ
↡↡

No comments:

Post a Comment