Click

Thursday, January 12, 2017

ভালপাওঁ তোমাক কিয় নাজানো




ভাল লাগে তোমাক
বহুত ভাল পাওঁ তোমাক
কিয় জানো ?
বুজাৱ নোৱাৰো ভাষাৰে।

তোমাক নাচালে
তোমাৰ কাষত নাহিলে
মনে বৰ আমনি কৰে,
সেয়ে হয়তো মনৰ খিৰিকি খোলাৰ লগে লগে দৌৰি আহো তোমাৰ কাষলৈ
মনৰ কথা পাতিবলৈ।

ধেমাালিতে কেতিয়াবা
বহুত বেয়াকৈ কয় দিও
বেয়া নাপাবা,
মৰমেৰে আঁকোৱালি ল'বা।

প্ৰেম জানো এনেকৈয়ে হয় আজিহে বুজি পালো
তোমাৰ কাষত থাকিলে মোৰ ভাগৰো নালাগে
টোপনিও নধৰে  , কিয় নাজানো
তোমাক বহুত ভাল পাওঁ
অন্তৰৰ পৰা কৈছো।

তুমি একো নুবুজা
মানুহেই নুবুজে তুমি কোন?
তুমি মোৰ সময়ৰ আলোক চিত্ৰ তোমাক আঁকি থাকোতেই সময় বোৰ গুছি যাই গমকে নাপাও,
চোৱা তোমাক আঁকোতেই ছয় মাহ গুছি গ'ল গ'মেই নাপালো ,
তোমাৰ প্ৰেৰনাই মোক হাঁহিব শিকালে
কত জনৰ আশ্বাস পালো।

আজি মাথো ক'বলৈ মন যাই
তুমি কিয় আওকান কৰিছা,,,,
সময় নাই নেকি?তথাপিও
মানুহৰ ৰং আছে
এই ৰঙেৰে উজ্জিৱীত ছয়মাহৰ চবিটিক সম্পুৰ্ণ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিবানে তুমি,
দিবানে তোমালোকে!
অনুৰুধ মাথো তোমালোকৰ প্ৰতি।

🖊ধনটি শইকীয়া

No comments:

Post a Comment