তোমাৰ সৈতে মোৰ জীৱনৰ ৰঙীন হেপাহৰ সপোন |
মোৰ আকলোৱা হৃদয় খনে মাজনিশা উচুপি উচুপি বিছাৰি ফুৰে তোমাৰ আতিতৰ স্মৃতি বোৰ |
মোৰ হৃদয়ৰ অনুভব হৈছে তুমি যেন মোৰ পৰা বহু দূৰলৈ গুচি গ'লা ,আৰু কেতিয়াও ঘুৰি নাহা |
তোমাৰ অনুপস্থিতিত মোৰ উদাসীন হিয়াই বৰ অকলশৰীয়া অনুভব কৰে আৰু কেতিয়াবা চাৰিওফালে হাহাকাৰ কৰি উঠে |
কিজানি আকৌ ঘূৰি আহে সেই পাহৰিব নোৱাৰা দিন বোৰ !
যিবোৰ দিন আজিও মোৰ হৃদয়ত মচিব নোৱাৰা স্মৃতি হৈ থাকি গ'ল ......
এয়াই হয়তো মোৰ
"আধৰুৱা প্ৰেম"
✍ দেৱৰাজ শৰ্মা
No comments:
Post a Comment