ভাস্কৰ এজন সেনা জোৱান |সেই দিনাখন তাঁৰ কাশ্মীৰলৈ স্হানান্তৰ হৈছে |যোৱা কালি সি এক মাহৰ ছুটি লৈ ঘৰলৈ আহিছে |সেনা জোৱান হৈ বহুত সময় লৈকে শুই থাকিব নোৱাৰি পুৱাই প্ৰাত: ভ্ৰমণ কৰিবলৈ ওলাই যায় | এদিন দুদিন যাওঁতে বাটত এজনী ছোৱালী লগ পাইছিল| এনেদৰে প্ৰায় তিনি চাৰিদিন দেখোতে তাঁৰ ছোৱালী জনিৰ প্ৰতি প্ৰেম জাগৃত হবলৈ ধৰিলে ,কিন্তু তাইৰ ঠিকনাটোক লৈ সি বহুত চিন্তাত পৰিছে যেন ঘৰৰ সকলোবোৰ কাম সিয়েই চম্ভালিব লাগে|
এদিন মাকে সুধিলে--- "সোণ তোৰ কি হৈছে অ', গা ভাল নহয় নেকি?" "নহয় মানে মা.......?" আৰু সি একো ক'ব নোৱাৰি বন্ধু বিশ্ৱৰ ঘৰলৈ গ'ল আৰু মনৰ কথাবোৰ কোৱাত পাছৰদিনা বিশ্ৱও ভাস্কৰৰ লগত প্ৰাত:ভ্ৰমণ কৰিবলৈ গ'ল, আৰু সেই একে ঠাইতে তাক বাৰে বাৰে আমনি কৰা ছোৱালীজনীক লগ পালে| আচৰিত কথাটো হ'ল যে সেই ছোৱালীজনী বিশ্ৱৰ, বৰুৱাদলনীৰ মোমায়েকৰ ছোৱালী, সি কিন্তু ভাস্কৰক সঁচা কথা কোৱা নাছিল, পাছত ভাস্কৰে বাৰে বাৰে কামূৰ দিয়াৰ বাবে বিশ্বই তাঁৰ মোমায়েকৰ জীয়েক পম্পীক সুধিলে - "অ'ই তোক যে কালি ৰাতিপুৱা লগ পাইছিলো ,তেতিয়া মোৰ বন্ধুজনক দেখিছিলিনে ?", "অ' কিয় সুধিলি ? " ,"সি মোৰ বহুত ভাল বন্ধু , আৰ্মী চাকৰি কৰে ,এতিয়া কাশ্মীৰত থাকে | এক মাহৰ ছুটিত আহিছে তোৰ কথা সুধিছিল সি", "সি মোৰ কথা কিয় সুধিছিল আকৌ? " , "তোক কথা এটা সোধো ,সঁচা কথা কবিনে ?" "কি কথা.....ক'চোন আগতে, |","তই কাৰোবাক ভাল পাৱ নেকি ?","ধেত কি কথা কৈছ তই | মই কাকো ভাল পাই পোৱা নাই আৰু নাপাওঁ ,কিয় ?","সি তোক বহুত ভাল পাই পেলাইছে ,তই বোলে তাঁৰ হিয়াৰ আমঠু হৈ পৰিছ ,তোৰ কথা সুধি মোক কামুৰ দি থাকে |" , "অ' কথা সেইটো ,বৰ ভাল লাগিছে যদি আমাৰ ঘৰত যাব দিবি |"
পিছদিনা বিশ্বই ভাস্কৰক সঁচা কথাটো ক'লে যে তাই তাঁৰ মোমায়েকৰ জীয়েক | আৰু তাই সিহঁতৰ ঘৰৰ মানুহ যাবলৈ কৈছে।ভস্কৰে তাৰ প্ৰেমৰ কথা মাক বাপেকক ক'ব নোৱাৰি কথাটো বিশ্বকে কবলৈ দিলে,অাৰু লগতে এইটোও সোঁৱৰাই দিব কলে যে তাৰ এইটো ছুটীতে বিয়াৰ প্ৰস্তাৱটো পম্পীহ'তৰ ঘৰত দিয়ে যেন।ভাস্কৰৰ কথা পেলাবলৈ নোৱাৰি বিশ্বই কথাটো মাক-দেউতাকক ক'লেগৈ।
মাক দেউতাকে একমাত্ৰ পুত্ৰ ভাস্কৰৰ মনত অপাৰ সুখ অনুভৱ কৰিলে অাৰু ৰাতি দুয়োজনে কথাটো অালোচনা কৰিলে পিছদিনা বৃহস্পতি বাৰ অৰ্থাৎ গুৰুবাৰ আছিল কাৰণে পলম নকৰি হ'বলগীয়া পুত্ৰবোৱাৰীৰ ঘৰলৈ গ'ল।তাত দুয়োঘৰৰ মাজত চিনাকী অাৰু যোৱাৰ কাৰনতো অাগতেই বিশ্বই বিতংভাবে কৈয়েই থৈছিল।সেইবাবে তেওঁলোক মূল কথালৈ গ'ল। দুয়োঘৰে দুয়োঘৰৰঅাচাৰ ব্যৱহাৰত সন্মতি জনালে।ভাস্কৰৰ কথা বিশ্বই অাগতে মোমায়েকহঁতক সুঁৱৰাই থৈছিল ।সেইবাবে পম্পীক মাক দেওঁতাকে ভাস্কৰ কথা-বতৰা ব্যৱহাৰ পাতি, চাকৰি অাদি বোৰত সন্মতি জনালে অাৰু অহাবাৰ সি ছুটি লৈ অাহিলে পম্পী অাৰু ভাস্কৰৰ বিয়াখন পাতিব বুলি ঠিৰাং কৰিলে। ভাস্কৰৰো ছুতি শেষ হ'ল।অহাকালিলৈ সি পুনৰ কাশ্মিৰলৈ যাবগৈ।
কাশ্মীৰ পালেগৈ কিন্ত এৰি অহা দিনবোৰে তাক বৰ অামনি কৰি থাকে। তাৰ পৰা সি যেতিয়াই সময় পায় তেতিয়াই পম্পীৰ লগত ম'বাইলত কথা পাতি - পাতি দূৰত থকা মনটোক সান্তনা দিয়ে।এনেদৰে কথা পাতি থাকোতেই দুয়োতাৰে মাজত এক এৰাব নোৱাৰা সম্পৰ্ক গঢ়ি উঠিল। দুয়ো দুয়োকে অত্যন্ত ভাল পাই পেলাইছিল। সিহঁতে ম'বাইলতে বহুত দূৰ আগবাঢ়ি গ'ল।
এনেতে......সৌ সিদিনা পাকিস্তানৰ আতংবাদী আক্ৰমণৰ ধুমুহাজাকে সমগ্ৰ কাশ্মীৰবাসীক চুই যায়।এই ধুমুহাজাকে বহুকেইজন সেনা জোৱানৰ জীৱন উৰুৱাই নিয়ে | সেই সেনাজোৱানৰ মাজত ভাস্কৰো এজন আছিল।
সচাঁকে সময়বোৰ বৰ নিষ্ঠুৰ। এই ধুমুহাজাকে একমাত্ৰ পুত্ৰ ভাস্কৰৰ মাক-দেউতাকৰ লগতে কেতিয়াও ভাল পাব নজনা বেছেৰী পম্পী আৰু তাই ঘৰ খনকো অষ্ঠিৰ কৰি থৈ গ'ল।
✍ দেৱৰাজ শৰ্মা
No comments:
Post a Comment