✍স্বপ্ননীল শইকীয়া -- 8133997607
আজি অকণমান সেয়া সোণালী শৈশৱমুখী হওঁ চোন ।
যেতিয়া আমি দেউতাৰ আঙুলিটো ধৰি ঠুনুক ঠানাকৈ খোজ কাঢ়িবলৈ শিকিছোঁ।যেতিয়া আমি পৰি যাওঁ দেউতাই কোলাত লৈ থপথপাই ওমলাই।মাৰ সৈতে যেতিয়া থাকোঁ তেতিয়া যদি এনেও কান্দোন শুনিবলৈ পাই দেউতাই মাক গালি শপনী পৰা তো স্বাভাৱিক কথা ।ভুল " মা" গাত কেতিয়াও নাথাকে তথাপিও দেউতাই মাকেই দুখ দিয়ে।দেউতাৰ কান্ধত উঠি সেই ধেমালিবোৰ কেনেকৈ পাহৰিম বাৰু।দিনটো কষ্ট কৰি যিমানেই ভাগৰত আহক ।আহিয়ে প্ৰথম মোকে মাত দিয়ে।একোলা লৈ হে যেন ভাগৰ মাৰে।স্কুল যাব পৰা হওঁতে দেউতাৰ চাইকেল খনৰ কেৰীয়াত বহি বহি সদায় অহা যোৱা।স্কুলত কিবা কথাত কাৰোবাৰ সৈতে কিবা খং ৰাগ হলেও চুটি সময়ত দেউতাক আহি লগাই দিয়া। দেউতাই কয় তেতিয়া ....." মই তাক পিটিম দেই সোন" মইও হয় তে হয় মাৰি থৈ দিয়া যায়।কেতিয়াবা আকৌ ৰাস্তা থাকোতে হৰ্ঠাত বৰষুণ আহিলেও দেউতাই নিজে তিতি হলেও আমাক এটুপি পানীও পৰিবলৈ নিদিয়ে।স্কুলৰ পৰা আহি আকৌ আবেলি দেউতাৰ সৈতে খেলিবলৈ ওলাই যোৱা।খেলত সদায় মোক জিকিবলৈ দিয়া.......কিমান যে মধুৰ আছিল সেই দিন বোৰ।
এইবোৰ দিন আজি আৰু নাই।সেই দেউতাৰ আঙুলিটো ধৰি খোজ কাঢ়িবলৈ আকৌ কেতিয়াবা পাম নে...?
ডাঙৰ হৈ যিমানে আহিলোঁ দেউতাৰ খং ৰাগ বোৰ অলপ বেছি কৰি দেখুৱাই।যাতে আমাৰ জীৱন বাটত খোজ কাহোঁতে ভুল নহয় তাৰেই চেষ্টা সদায় থাকে দেউতাৰ সেই খং ৰাগ বোৰত।আমি ডাঙৰ হৈ আহোঁ সেই কাৰণে আমাৰ খৰছ পাতি বোৰ বেছি হৈ আহে।দেউতাই কিন্তু কেতিয়াও কিবা অভাৱ হোৱা অনুভৱ কৰিবলৈ নিদিয়ে ।এদিন দুদিন দেৰি হ'ব পাৰে।কিন্তু যোগাৰ কৰি হে দিব।আমি বোৰে কেতিয়াও নোসোধোঁ যে কেনেকৈ আনিলে।আমি ডাঙৰ হৈ আহোঁ যিমানে সিমানে নিজৰ কথা হে ভাবো বেছিকৈ।কেতিয়াবা দেউতাই খং কৰিলে ওলোটাই মুখে মুখে উত্তৰ দিবলৈ কিন্তু পিছ হুহুঁকা বিধৰ নহয় আমি। তেতিয়া আমাৰ হে বৰ বৰ কথা ওলাই।যেন আমি হে ঘৰৰ দায়িত্ব পালন কৰিছোঁ।অজানিতে আমি বহুত বেয়াকৈ ককৰ্থনা কৰি যাওঁ দেউতাক ।সেয়াই কিন্তু দেউতাৰ মনত বৰ আঘাত দিয়ে আমি কিন্তু সেইবোৰ ভাবিবলৈ সময়ে নাথাকে।কিবা বিপদ হ'লে প্ৰথম দৌৰি আহিব আকৌ দেউতা হে।ৰ'দ বৰষুণ এক কৰি পৃথিৱীৰ সৈতে যুজঁ দিব সাজোঁ হৈ থকা জন দেউতা হে।বিপদৰ প্ৰথম প্ৰহাৰ বুকু পাতি লোৱা জন দেউতা হে একমাত্ৰ।কিমান যে ত্যাগ কৰি যায় প্ৰতিটো খোঁজত সেইয়া আমি বোৰে কেতিয়াও অনুভৱ কৰিবকে নোৱাৰোঁ।
আজি মই থিয় হৈ আছোঁ কেৱল দেউতাৰ কাৰণেই।আজি মোৰ দেউতা নাই গতিকে আজি মই দেউতাৰ অভাৱ ভালদৰেই অনুভৱ কৰিছোঁ।নিজক আজি শক্তিহীন অনুভৱ কৰোঁ।
((দেউতাৰ স্মৃতিত এশাৰী লিখিলোঁ))
Click
Friday, December 30, 2016
দেউতা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment