Click

Tuesday, December 13, 2016

"আশা সৰে দুচকুৰে ''

"আশা সৰে দুচকুৰে ''


মোৰ হৃদয়ৰ পদূলি মুখত
 ফুলিছিলা এপাহি কৰবী হৈ
মনৰ কোঠাত সজাই ৰাখিলোঁ
    মিছা হেপাহৰ সপোন লৈ
এতিয়া মনৰ কোঠাত বাজে কৰুণ  সুৰ
    কিদৰে আছোঁ খবৰ লবাহি জোন
   তোমাৰ মৰম আশাৰ স্মৃতি আছে দুলি দুলি
 সদায় বৈ আছে নয়নৰ লুইত সনি
     মনত পৰে জোন তোমাক আবেলি
   পগলা দৰে বাট চাওঁ এচুকত বহি
কি ভুল কৰিলোঁ গ'লা যেন মোৰ পৰা আঁতৰি
এতিয়া তুমি সোণ বহুত দূৰতে
   আহিবানে মোৰ মৃত্যুৰ পাছত
পুষ্পৰে ফটো খনত আৰি দিবলে
 
   দুখে আৱৰি ধৰে পৰে পৰে
      আশা সৰে দুচকুৰে 😢
কিয় নাহিলা উদাসীন আবেলি
       দূৰ বাধা ভাঙি থৈ
দূৰ বাধা ভাঙি থৈ


'''''''দিপেন হীড়া 

No comments:

Post a Comment