✍ চম্পক গগৈ
কিয় দুখ লাগে সদায়,
নোপোৱা বোৰ পাবলৈ মন যায় দুনাই ....
স্মৃতিৰ মণিকোঠাত দোলা দিয়ে তাহানিৰ কথাবোৰে,
ৰঙীন স্বপ্ন বিভোৰ সেউজীয়া আবেলিবোৰ !
কাজল বৰণীয়া মেঘৰ আঁৰত ...
কিহৰ বতৰা ??
বেলিৰ প্ৰখৰ তাপত জোনাকৰ বৰষুণ জাক আজি...
স্থৱিৰপ্ৰায় .......!
সজল বতাহে হাহাকাৰ কৰে
সিক্ত শিমলুৰ ডালে ডালে ,
মিলন আকুল মেঘৰঞ্জনীৰ দলে
ঠিকনা হেৰুৱাই বাৰে বাৰে ।
প্ৰতিশ্ৰুতিবদ্ধ ভাষাই আজি ...
প্ৰতাৰণাৰ চাকনৈয়াৰ কবলত পৰি,
বিস্মৃতিৰ অতীত ।
নিজান, নিশব্দ ৰাতিৰ গানবোৰ শেষেই নহয় চোন,
যন্ত্ৰণাত জ্বলি ছাই হোৱা ছবিবোৰ দুঃসহনীয় ।
তোমাৰ উশাহত ....বিচনাখন
কাজল কাজল গোন্ধাইছিল,
চুমাঘন চিয়াঁহীৰ সোঁতাল মেঘপুঞ্জত....
ই কি ????
ৰূপোৱালী লতাৰ গজাল,
উহ্ .....
সেই গজালেদি তুমি হৃদয়খন
মোৰ হৃদয়ত মাৰি দিছিলা ।
তোমাক লৈ ৰচনা কৰো সপোনতে সেউজ কাহিনী,
ই সম্পূৰ্ণ কাল্পনিক, কিন্তু
তন্দ্ৰাবিহীন অন্তৰংগ মুহূৰ্তৰ
এক উমাল অনুভূতি ।
সঁচাই এই কণ অনুভূতিয়েই নিমিষতে দূৰ কৰে
মোৰ সমগ্র দিনৰ ক্লান্তি আৰু উদ্যমহীনতা । । ।
No comments:
Post a Comment