দুজনী বান্ধৱী লগ হ'ল বহু দিনৰ পাছত।সোমাই গ'ল দুয়োজনি পুজাৰ মন্দপলৈ।এজনি অত্যাধুনিক সাজত আৰু এজনি সাধাৰন সাজত।
সাধাৰন সাজত থকাজনিয়ে সুন্দৰ কৈ সেৱা কৰিলে। অত্যাআধুনিক জনিয়ে আধা মিটাৰ কাপোৰ পিন্ধিবাৰু কেনেকৈ সেৱা কৰিৱ ন। বেমাৰিমুৰ্গীৰ দৰে চকচালি ধৰি সেৱা কৰিলে যেনেতেনে।
আহি চকীত বহিব ধৰিলে।ছুটি কাপোৰ পিন্ধা জনিয়ে চকীত ভালদৰে বহিব পৰা নাই ,মানুহ বোৰ দেখি লাজ কৰি কাপোৰ টনাটনি কৰি আছে ।লগৰ জনিয়ে ক'লে তোমাৰ অলপ্ দিগ্ দাৰ হৈছে ন,ব'লা ,যাওঁগৈ বুলি উলাই আহিল।
আহি গাড়ীত ততাতৈয়া কে উঠোতে চোলাটো গজালত লাগি এদুখৰ ফাটি গ'ল।কিযে বিলাই বিপত্তি হৈছে সেই ছোৱালিজনিৰ ।নেদেখাজনেও কিজানি তেওঁৰ আধুনিকতাত অতিষ্ঠ হৈছে।সাধাৰন জনি য়ে চুৰনি খন আগবঢ়াই দিলে আৰু তাই লজ্জা নিবাৰন কৰিলে।
সচাকৈ মানুহে নিজক পাহৰি গৈছেনেকি।কাপোৰ পিন্ধে লজ্জা নিবাৰন, শীত ,তাপ নিয়ন্ত্ৰনৰ কাৰনে।
তেন্তে আমি কোনটো দিশে গৈ আছো বাৰু ,,,,,,,,,,,,,,,,,,,,,,,,,,,,।
🖊ধনটি শইকীয়া
No comments:
Post a Comment