Click

Thursday, December 22, 2016

তোমাক ভালপোৱা দিনৰ পৰাই

স্বপ্ননীল শইকীয়া ( 8133997607)



তোমাক ভালপোৱা দিনৰ পৰাই 
মোৰ জীয়াই থকাৰ আশা বোৰে পূৰ্ণতা পাই আহিছে।যিবোৰ এদিন জৰাজীৰ্ণ অৱস্থাত গন্তব্যহীন হৈ পৰি আছিল।তোমাৰ হাঁহি বোৰৰ সৈতে মোৰ সপোনে উমলি থাকে ।
তুমি জানানে.....
তোমাৰ আৰু মোৰ সপোন এক হৈ যেতিয়া "আমাৰ" সপোন হৈ পৰিব।তেতিয়া তাৰ প্ৰমাণ আমাৰ পোনা টিৰ কিৰিলিয়ে দিব। 

এনেই বোৰ ভাৱনাতে  নিশাবোৰ আজি পুৱাই।
ভাল লাগে তোমাৰ কথা ভাবি,....আমাৰ সপোনৰ কথা বোৰ ভাবি.....কত যে কিমান আশা থাকে তাৰ কোনো সীমা নাথাকে।
পিছে......
ভাৱনাৰ জানো কিবা সীমা আছে...??
কেতিয়াবা আকৌ দীঘল কৈ হুমুনিয়াহ এটা দি খন্তেক নীৰৱ হৈ ৰ'ওঁ।তেতিয়া মুখত এটা প্ৰশ্নবোধকৰ হাঁহি ওলমে।সেই হাঁহিৰ যুক্তাক্ষৰ বোৰ ভাঙিবলৈ কাৰোৰে সম্ভৱ হৈ নুঠে।
কেতিয়াবা আকৌ নিজে নিজক সান্তনা দিবলৈ কৈদিওঁ ...."ভাল হৈ যাব লাহে লাহে সকলোবোৰ"।
 উপায়হীন হৈ কৰিবলৈ বাকী একোকে বিচাৰি নাপাওঁ ।মনৰ অস্থিৰতাক কেনেকৈনো সামৰি ৰাখিম ...!!এনেকৈ আগুৱাই যাব লগা হৈছে ......
জীৱনৰ টুকুৰা সপোনৰ ওপৰত শুদা ভৰিৰে খোজ কাঢ়ি কাঢ়ি...
টুকুৰা বোৰে ভৰিত ঘাঁ লগাই যায় আৰু মাটি বালিয়ে মলম লগাই যায়। এনেকৈ গন্তব্য হীন পথিক হৈ গৈ আছোঁ সময়ৰ অন্ত লৈকে.......

No comments:

Post a Comment