✍🏻দিপেন হীড়া
মোৰ সোণ জুপিতৰা
কিদৰে বুজাই দিওঁ মোৰ বিষাদ বেথা ?
হয় নেকি জুপিতৰা শুনিবলৈ পাইছো বহুতৰ পৰা
হ'বলৈ ওলাইছা আনৰ ঘৰৰ ন কইনা ?
আজিও আছোঁ ৰৈ নৈখনৰ পাৰত গৈ
আহিবা হেঁপাহ পলুৱাই চাম শেষ বাৰৰ বাবে কাষত বহি লৈ
আশীৰ্বাদ কৰিম দুয়ো কুশলে থাকিবা
লগৰীয়া মৰমী মৰম চাই বহুত অনুভৱ অজানিতে আহি যায়
কোনো সময়ত কান্দো আনে নেদেখা চেগ চাই
পাৰ ভঙা প্ৰেমৰ বানে যদিও তোমাক মিলাই দিব পৰা হ'লে
আনিলোঁ হয় সপোন কুঁৱৰী সজাই
এৰা, এইবোৰ মোৰ দৰে অৰ্থহীন প্ৰেমিকৰ ভবাৰ যোগ্য নহয়
ক্ষমা কৰিবা আন্তৰিকতা আছিল বাবেহে অনুভৱ কৰিছো
এনেকুৱা অনুভৱ কৰি মোৰ মন আকাশত এতিয়া
এচাম ক'লা ডাৱৰৰ হ'ল মনৰ কোঠালি ভৰা
চকুৱে সৰে বৰষুণৰ টোপাল টোপাল কণিকা
No comments:
Post a Comment