✍ ধনটি শইকীয়া
মোৰ কবিতাৰ ছন্দত
ভাঁহি আহে মিলনৰ সুৰ
বাজি উঠে জীৱন পৰিক্ৰমাত
স্বপ্নময়ী গীতৰ গুণগুণনি,
সীমাহীন শব্দৰ পৰিভাষা
ভাষাহীন নাটৰ শেষ ৰাগিণী ।
অভিনয় মাথো প্ৰবঞ্চনাৰ
জীৱন কল্পিত ভাওনাৰ
ত্যাগ মাথোঁ প্ৰেৰণা
পৰিকল্পিত শব্দৰ গাঁথা ।
প্ৰতিশ্ৰুতি দিলা মোৰ পৰা আঁতৰি সুখী হোৱাৰ
আঁতৰি গ'লেই যদি সুখী হোৱা
সুখৰ বতৰা দি যাবা
মাথোঁ আঁকি যাম স্মৃতিৰ পটত
প্ৰেমৰ সৰল ৰেখা
অন্তহীন, সীমাহীন প্ৰেমৰ
নজ্বলা শলিতা ।।
মোৰ কবিতাৰ ছন্দত
ভাঁহি আহে মিলনৰ সুৰ
বাজি উঠে জীৱন পৰিক্ৰমাত
স্বপ্নময়ী গীতৰ গুণগুণনি,
সীমাহীন শব্দৰ পৰিভাষা
ভাষাহীন নাটৰ শেষ ৰাগিণী ।
অভিনয় মাথো প্ৰবঞ্চনাৰ
জীৱন কল্পিত ভাওনাৰ
ত্যাগ মাথোঁ প্ৰেৰণা
পৰিকল্পিত শব্দৰ গাঁথা ।
প্ৰতিশ্ৰুতি দিলা মোৰ পৰা আঁতৰি সুখী হোৱাৰ
আঁতৰি গ'লেই যদি সুখী হোৱা
সুখৰ বতৰা দি যাবা
মাথোঁ আঁকি যাম স্মৃতিৰ পটত
প্ৰেমৰ সৰল ৰেখা
অন্তহীন, সীমাহীন প্ৰেমৰ
নজ্বলা শলিতা ।।
No comments:
Post a Comment