Click

Thursday, December 22, 2016

এজাক শান্তিৰ বৰষুণ

✍ চন্দন তালুকদাৰ
আহিব খুজিছে এজাক
শান্তিৰ বৰষুণ......
ঘৰৰ চালত টুপ টুপ শব্দ,
বিজুলীৰ গাজনি,
ধুমুহাৰ আগলি বতৰা.....
আহিব খুজিছে এজাক শান্তিৰ বৰষুণ ।
দেখা নাই বহুদিন
কলিজাৰ কেচাঁসোণ
বুকুৰ পোনাটি মোৰ
টপৰ টপৰকৈ সৰিছে
চকুযুৰিৰ পৰা
এজাক শান্তিৰ বৰষুণ ।
বৰদৈচিলা জনীও
অহা নাই বহুদিন...
অভিমানী আইজনী
নাকান্দিবি ঔ ইমান !
আহিব নহয় তোৰ
বুকুৰ আপোন !..
আহিব খুজিছে এজাক শান্তিৰ বৰষুণ.....

No comments:

Post a Comment