✍ ধনটি শইকীয়া
আগলি কলৰে পাত লৰে কি চৰে
আইৰ বুকুত মুকুতা সৰে
পুৱতিৰ মলয়াজাকে কিনো বতৰা আনে
পুৱাৰ সুৰুযে ৰহন সানে ।
পুৱাৰ সুৰুযে প্ৰাণ ঢালি গীত জুৰে
সেই গীতৰ সুৰে মধুকৰে নাচি নাচি মধু পাণ কৰে
পুৱাৰ সুৰুযে মিলনৰ বতৰা আনে ।
খিৰিকি খুলি দেখো মাথোঁ
লিহিৰি আঙুলিৰ ফাঁকেৰে
ভাঁহি আহে অবুজ পোহৰৰ ৰেঙনি,
পুৱাৰ সুৰুযে বিলাই গ'ল
জীৱন জেউতিৰ সেই আশাৰ ৰেঙনি ।
হঠাৎ কিয় এনে হ'ল
নামি আহিল সন্ধিয়া
ধূসৰ ক'লা ডাৱৰে ছানি ধৰিছে
তৰাজাকো দেখোন নাইকিয়া হ'ল
ক'তনো হেৰাই গ'ল অ'
চকুৰ পচাৰতে নামি আহে অমানিশা
ঘোৰ অমানিশা ।
নিদ্ৰাত মগন আইৰ চকুহাল
জিলিকি উঠে সেন্দুৰীয়া কপাল
জিলিকি উঠে সেন্দুৰীয়া দু-গাল
সেই কল্পনাময়ী ছবিটি আজি নাই,
হেৰাই গ'ল জীৱনৰ শেষক্ষনত ।
হেৰাই গ'ল কেতিয়াবাই, পুৱাৰ সুৰুযে ঘুৰাই আনিবনে আইৰ সেই
জোন যেন মুখনিত
জিলিকি থকা হাঁহিটি
কোৱা জীৱন জেউতি
ঘুৰাই আনিবনে আইৰ
সেওঁতা ফলা কপালৰ ৰঙীন ৰেখা ?
আগলি কলৰে পাত লৰে কি চৰে
কিজানিবা আইৰ মুখৰ
হাঁহিটি উদীপ্ত সুৰুযে ফেঁহুজালি দিয়ে,
সেই ক্ষন আজিও চাই ৰওঁ
আশাৰে আই,
কিজানিবা পুৱতি তৰাৰ লগতে তোমাক দেখা পাওঁ ।
No comments:
Post a Comment