Click

Thursday, December 22, 2016

উদং বুকু

✍ ধনটি শইকীয়া
বুকু উদং কৰি গুছি গ'লা, মৰম তুমি বুজি নাপালা
নাভাবিলা এবাৰো মোৰ কথা
নুবুজিলা বুকুৰে বেথা
মাথোঁ তুমি আঁতৰি গ'লা ।

শৈশৱৰেই লুকা-ভাকু খেলা
আৰু ৰজা-ৰাণী হোৱা,
আজিও মনত আছে জানা !
ধেমালিতে দুয়ো কাজিয়া কৰা ।

প্ৰিয়াৰ মুখৰ ৰঙীন হাঁহিটি কোনে বাৰু নিলে কাঢ়ি
একাজঁলি মৰম দিলো সঁপি
আজিও তাই নামাৰে হাঁহি ।

প্ৰিয়াৰ গানৰ অবুজ সুৰে
সদায় আহি আমনি কৰে
মনৰ বেথা গানৰ সুৰে
কবিতাৰ ছন্দত ভাঁহি থাকে
আজিও নক'লা মোক
মৰমৰ ভাষা 
সাৱটি ধৰিলা মাথো দুখৰ বোজা।

চিঞৰি কান্দিছিলা তুমি
সেইদিনা
দেউতাই তোমাক বিদায় দিয়া
আজিও মনত আছে জানা
হোমৰ গুৰিত বহি কান্দি থকা ।

নুবুজিলা মোৰেই কথা 
সাৱটি ৰাখিলা দুখৰ বোজা
এতিয়া তুমি আনৰ হ'লা
দুখ নকৰিবা প্ৰিয়া
এয়াই মাথোঁ জীৱনৰ খেলা ।

No comments:

Post a Comment