Click

Tuesday, December 13, 2016

স্মৃতিৰ কোঠালিৰ পৰা

স্মৃতিৰ কোঠালিৰ পৰা✋

স্মৃতিৰ কোঠালিৰ পৰা
মোৰ মনত সাঁচি ৰখা টোপোলাটি
আজি আকৌ এবাৰ লিৰিকি বিদাৰি চালোঁ ,
তোমাক সোঁৱৰি সান্ত্বনা দিলোঁ নিজকে ..
এদিন আহিবা তুমি মোৰ পদূলিৰ বকুলজোপাৰ তললৈ ,
সিঁচি থৈ যাবা তোমাৰ সুগন্ধি ,
আৰু মই????
মই নীৰৱে চাই ৰম মাথোঁ তোমাক মোৰ শুৱনি কোঠাৰ পৰা....
হৃদয় খনে হয়টো উচুপিব,
থাপিও চাই ৰ'ম ।
জানো মোৰ প্ৰতি তোমাৰ অনেক অভিযোগ
তথাপিও মোৰ জীৱনৰ তুমিয়ে যোগ ,
তুমিয়েই বিয়োগ , তেতিয়াও আৰু এতিয়াও ।
কম বুলি ভাবিছিলোঁ বহু কথাই
তোমাৰ আগত,
জীৱনৰ অলেখ কল্পনা ,
ৰৈ গল মাথোন স্মৃতিৰ মূৰ্চ্ছনা ।


✍চম্পক গগৈ ✍👏

No comments:

Post a Comment